অৰুণাচলত অসমৰ যুৱকক হ*ত্যা

পুনৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হত্যা অসমৰ যুৱকক। জানিব পৰা মতে, তাদাৰ ভাই নামৰ এজন যুৱকে মিছিং সম্প্ৰদায়ৰ এজন যুৱকক গুলীয়াই হত্যা কৰে।জানিব পৰা মতে, যোৱা ১৩ জুলাইত অৰুণাচলৰ ৰয়িঙৰ কেবালি অঞ্চলত কৰ্মৰত এজন মিছিং যুৱকক গুলীয়াই হত্যা কৰে অৰুণাচলী যুৱকে। এই গুলীচালনাৰ ফলত নিহত হয় শংকৰ পেগু (২৯) নামৰ যুৱকজন। অভিযোগ অনুসৰি, কাম সংক্ৰান্তত কোনো কথাত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছত অৰুণাচলৰ তাদাৰ ভাই নামৰ যুৱকজনে শংকৰ পেগুক গুলী মাৰে।এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি আজি ১৫ জুলাইত অসমৰ মিছিং সম্প্ৰদায়ৰ কেইবাটাও সংগঠনে অসম-অৰুণাচল প্ৰদেশ সংযোগী পথত অনিৰ্দিষ্টকালীন পথ অৱৰোধ ঘোষণা কৰিছে। এই সংগঠন কেইটাই শেহতীয়াকৈ অৰুণাচলত সংঘটিত হোৱা দুটাকৈ হত্যাকাণ্ডৰ ন্যায় বিচাৰি পথ অৱৰোধ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *