বৰ্তমান সকলো AI ৰ দৌৰত। এই প্ৰতিযোগিতাখনত মাৰ্ক জুকাৰবাৰ্গে সকলোতকৈ আগত থাকিব বিচাৰিছে। যাৰ বাবে অন্য ভাল কোম্পানীৰ পৰা প্ৰতিভাসম্পন্ন লোকক নিযুক্তি দিছে। এনে এজন লোকক তেওঁ দৰমহা প্ৰদান কৰিছে ১৬০০ কোটি টকা।এই নিযুক্তি প্ৰক্ৰিয়াৰে কোম্পানীটোয়ে বাৰ্তা দিব বিচাৰিছে যে মেটাই ভৱিষ্যতৰ বাবে ছুপাৰ ইনটেলিজেন্সৰ ওপৰত কাম কৰিছে।সংবাদ মাধ্যমৰ খবৰ অনুসৰি মেটাই ৰুমিং পাঙক ২০ কোটি ডলাৰৰ (১৬০০ কোটিৰো অধিক) বৃহৎ পেকেজ দিছে। ১৬০০ কোটিৰ হিচাপত ১ মাহৰ বাবে পেকেজ ১৩৩.৩৩ কোটি। এই হিচাপত চালে এই লোকজনে এদিনত দৰমহা লাভ কৰিব প্ৰায় ৪.৪৩ কোটি।
এজন ব্যক্তিৰ দৰমহাৰ কথা শুনিলে আচৰিত হব আপুনি
