কেইবিধ মান ঔষধি গুণ সম্পন্ন শাকৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

অসমত এনে বহু শাক আছে যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী আহক আজি এই শাকসমূহনো কি তথা ইয়াৰ ঔষধি গুণৰ বিষয়ে জানো-নৰসিংহ পাত- নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে বাবে হাড়, দাঁতৰ গঠন মজবুত কৰে ৷ স্নায়ুজনীত সমস্যা আৰু ডায়েবেটিচ ৰোগীৰ বাবেও নৰসিংহ পাত উপকাৰী ৷মছন্দৰী- পেটৰ বহুতো অসুখত মছন্দৰী উপকাৰী ৷ ভাপত সিজোৱা বা আদা নহৰু দি বনোৱা মছন্দৰী শাকৰ আঞ্জাই মহৌষধৰ দৰে কাম কৰে ৷

দোৰোণ শাক- ফেৰিনজাইটিছ, টনচিলাইটিছ, চাইনাচাইটিছ, কাহ, চৰ্দি, হাপানী, জণ্ডিচ, যকৃত প্লীহা বৃদ্ধি আৰু বহুতো ৰোগত দোৰোণ শাক উত্তম পথ্য ৷ আভোক আৰু অৰুচি হ’লে দোৰোণ শাক খালে সুফল পোৱা যায় ৷কচুশাক- কচুশাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ, আইৰণ, আঁহ থাকে বাবে ৰক্তহীনতা, দৃষ্টিশক্তিৰ দুৰ্বলতা, কলেষ্টৰল, মেদবহুলতা আদিত উপকাৰী ৷

ব্ৰাহ্মী শাক- আয়ুৰ্বেদিক বনৌষধি ব্ৰাহ্মীক মেধ্য ৰসায়ন বুলিও কোৱা হয় ৷ স্মৃতিশক্তি বৰ্ধক ব্ৰাহ্মী ডায়েবেটিচ , উচ্চ ৰক্তচাপ, স্নায়ুজনীত ৰোগতো উপকাৰী ৷সৰু টেঙেচি শাক- লতাজাতীয় এইবিধ শাক ডায়েৰীয়া, ডিচেন্ত্ৰী, জণ্ডিচ আৰু পেচাবৰ সমস্যাত খুব উপকাৰী ৷পনৌনোৱা শাক- অমৃততুল্য পনৌনোৱা শাক লিভাৰৰ বিভিন্ন ৰোগত উপকাৰী আৰু কিডনিৰ বিভিন্ন ৰোগতো উপকাৰী ৷

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *