গোৱালপাৰাত চলিল উচ্ছেদ

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত এই উচ্ছেদ চলোৱা হৈছে।শেহতীয়াকৈ ধুবুৰী জিলাত প্ৰশাসনে চলোৱা উচ্ছেদক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে। এই উচ্ছেদক আইন বিৰোধী বুলি দাবী কৰি বিৰোধীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। কিন্তু বিৰোধীৰ এই সমালোচনাৰ পিছতো থমকি ৰোৱা নাই প্ৰশাসনৰ হাতোৰা।আজি গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত ১০৩৮ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলোৱা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *