মৰিগাঁওত গ্ৰেপ্তাৰ দুটা ড্ৰাগছ সৰবৰাহকাৰী

মৰিগাঁও আৰক্ষীৰ নেতৃত্বত আৰু ভেলৌগুৰি আৰক্ষীৰ সহযোগত চলা এক অভিযানত গ্ৰেপ্তাৰ হয় ২ টা গাঞ্জা সৰবৰাহকাৰী। উলুবাৰী তিনিআলিৰ পৰা শুকুৰবাৰৰ নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই দুই সৰবৰাহকাৰীক।সৰবৰাহকাৰী দুটা মৈৰাবাৰীৰ ৰাব্বুল ইছলাম আৰু লাহৰিঘাট কাঠনিৰ সুভাষ দাস বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৫.৭৫ কেজি গাঞ্জা, ২টা মোবাইল ফোন আৰু এখন এএছ১৩-এ-৪৯৯১ নম্বৰৰ বাজাজ ডিছক’ভাৰ মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *