আজি বিশ্ব জনসংখ্যা দিৱস

প্ৰতি বছৰে ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে জনসংখ্যা বৃদ্ধিৰ প্ৰত্যাহ্বান যেনে দৰিদ্ৰতা, নিবনুৱাৰ সমস্যা আৰু পৰিৱেশ অৱক্ষয়ৰ বিষয়ে সজাগতা সৃষ্টি কৰা।এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে জনসংখ্যাৰ সমস্যা আৰু সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা। আগন্তুক সময়ত বিশ্বৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত জনসংখ্যা ৯.৭ বিলিয়ন হ’ব পাৰে।বিশ্বৰ ভিতৰতে ভাৰতৰ জনসংখ্যা সৰ্বাধিক। বৰ্তমান ভাৰতৰ জনসংখ্যা প্ৰায় ১৪২.৮৬ কোটি। ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ, যিয়ে চীনক জনসংখ্যাৰ ফালৰ পৰা অতিক্ৰম কৰিছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ভাৰতৰ জনসংখ্যা ১৪৪ কোটি বুলি কোৱা হৈছে।প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস এটা থিম লৈ উদযাপন কৰা হয়। ২০২৫ চনৰ বিশ্ব জনসংখ্যা দিৱসৰ বিষয়বস্তু হৈছে যুৱক-যুৱতীসকলক তেওঁলোকে বিচৰা পৰিয়ালটো এখন ন্যায্য আৰু আশাবাদী পৃথিৱীত সৃষ্টি কৰিবলৈ শক্তিশালী কৰা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *