গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গুৱাহাটীৰ পৰা অহা – যোৱা কৰা যাত্ৰীৰ বৰ্দ্ধিত সংখ্যা আৰু বিমানবন্দৰটোৰ নতুন টাৰ্মিনেল বিল্ডিংটো ধাৰাপুৰ চাৰিআলিৰ পৰা কিছু নিলগৰ গড়ল – আজাৰা সংযোগী এছ অ এছ পথত নিৰ্মাণ কৰা হৈছে। সকলো ঠিকে থাকে থাকিলে চলিত বৰ্ষৰ শেষৰ ফালে নতুন টাৰ্মিনেল বিল্ডিংটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ফলত ধাৰাপুৰ চাৰিআলিৰ পৰা গড়ল হৈ বৰঝাৰ বিমানবন্দৰ সংযোগী পথত অধিক যান – বাহন চলাচল কৰাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত লোক নিৰ্মাণ পথ বিভাগে ধাৰাপুৰ চাৰিআলিৰ পৰা গড়ল হৈ আজাৰা ভি আই পি চকলৈ প্ৰায় আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা ছয়লেনযুক্তকৈ নিৰ্মাণৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে।
পথচোৱা ছয়লেনযুক্তকৈ নিৰ্মাণ কৰিবলগীয়া হোৱাৰ ফলত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ ধাৰাপুৰ চাৰিআলিৰ সকলো দোকান – পোহাৰ , ব্যৱসায়িক কেন্দ্ৰ আৰু তাত বাস কৰা আবাসী সকল এশ শতাংশ উচ্ছেদিত হোৱাটো নিশ্চিত হৈছে। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰা ধাৰাপুৰ চাৰিআলিৰ সকলো ব্যৱসায়ী আৰু আবাসীক ১৫ জুলাইৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যাৰ বাবে ক্ষতিগ্ৰস্ত ব্যৱসায়ী আৰু আবাসী সকলে গঠন কৰিছে “সম্প্ৰসাৰিত পথ আৱাসিক সুৰক্ষা সমিতি” নামৰ এখন সমিতি। আনহাতে সমিতিৰ সভাপতি উমেশ চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে পথৰ নামত ভূমি অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত ধাৰাপুৰ চাৰিআলিত চৰম বৈষম্য কৰা হৈছে । কিয়নো পথচোৱাৰ দুয়োফালে সমানে ভূমি অধিগ্ৰহণ নকৰি উত্তৰ দিশত ২৩ মিটাৰ আৰু দক্ষিণ দিশত ১৫ মিটাৰ ভূমি অধিগ্ৰহণ কৰা হৈছে।
যাৰ বাবে এই বৈষম্যৰ বিৰুদ্ধে ধাৰাপুৰ চাৰিআলিৰ ভুক্তভোগী লোক ক্ৰমে – প্ৰদীপ দাস, ৰীতা দাস, কৌস্তব মণি বৰ্মন আৰু ৰেখা ৰাণী দেৱী নামৰ চাৰিজন লোকে যোৱা জুন মাহৰ প্ৰথম সপ্তাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন ( গোচৰ নম্বৰ: WP (C) 3573/2025 ) দাখিল কৰিছিল। সেই লেখ আবেদনৰ শুনানী গ্ৰহণ কৰি ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ আদালতে ২৫ জুনত এক নিৰ্দেশ যোগে পথ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰকৃতভাবে সীমা নিৰ্ধাৰণ নোহোৱাকৈ পথ নিৰ্মাণ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰে আৰু ২৫ জুলাইৰ ভিতৰত সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ উত্তৰ দিবলৈ নিৰ্দেশনা দিয়ে। কিন্তু ধাৰাপুৰ চাৰিআলিৰ ভুক্তভোগী ব্যৱসায়ী সকলে অভিযোগ কৰা অনুসৰি সীমা নিৰ্ধাৰণ নোহোৱাকৈ অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী এজনৰ পুত্ৰৰ মালিকাধীন লোকৰ বৃহৎ ফ্লেট যাতে বচাব পাৰি তাৰ লক্ষ্যৰে এটা ফালে চৰকাৰী মাটি এৰি চৰকাৰী ধনৰ শৰাধ কৰি ম্যাদি পট্টাৰ মাটি অধিগ্ৰহণ কৰি পথ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে।
