দ্বিতীয়বাৰৰ বাবে আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী হ’ল কবিতা বড়ো ৰংপী

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সুকলমে হৈ যোৱাৰ প্ৰায় দুটা মাহৰ অন্তত  ৰাজ্যত পহিলা জুলাইৰ পৰা গাওঁ পঞ্চায়তৰ   বিজয়ী ৱাৰ্ড সদস্যৰে   গঠন হৈ আছে গাওঁ পঞ্চায়ত সমূহ । আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী বিধানসভা সমষ্টিৰ  ৰামচাৰাণি আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ৫ নং আজাৰা গাওঁ পঞ্চায়তখন পহিলা জুলাইত  ৰাণী উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত গঠন কৰা হয়।

আনহাতে আজাৰা গাওঁ পঞ্চায়তৰ অধিকাংশ সদস্যই  ৮ নং ৱাৰ্ডৰ বিজেপি সমৰ্থিত বিজয়ী প্ৰাৰ্থী কবিতা বড়ো ৰংপীক  সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত গাওঁ পঞ্চায়তৰ নিৰ্বাচনত কবিতা বড়ো ৰংপীয়ে পোনপটীয়াকৈ সভাপতি পদত বিজেপি দলৰ টিকটত প্ৰতিদ্বন্দিতা কৰি বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছিল। 

সভানেত্ৰী হিচাপে বিগত পাঁচ বছৰীয়া কাৰ্যকালত পঞ্চায়তখনৰ প্ৰতিটো  ৱাৰ্ডতে  যথেষ্ট উন্নয়নমুলক কামকাজৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে কবিতা বড়ো ৰংপীৰ  স্বামী বলেশ্বৰ ৰংপী এগৰাকী সমাজসেৱক হোৱাৰ উপৰিও বিজেপি দলৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *