বক ফুলৰ উপকাৰী গুণৰ বিষয়ে জানেনে

বক ফুল অসমীয়াৰ মুখৰুচিকৰ এবিধ খাদ্য ৷ এই ফুলবিধ শীত কালত হয় ৷ বকফুলৰ পাতত জ্বলা,তিতা আৰু মিঠা ৰস থাকে বাবে ই বহু ঔষধি গুণেৰে ভৰপুৰ ৷ বকফুল কৃমি,কফ,বিষ আৰু ৰক্তপিত্তৰ বাবে উপকাৰী ৷ বকফুলে বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি কৰে ৷বকফুলৰ পাত বা ফুল ঘিউত ভাজি খালে কুকুৰিকণা বেমাৰ ভাল হয় বুলিও জনবিশ্বাস আছে ৷তেজৰ কলেষ্টেৰল নিয়ন্ত্ৰণতো বকফুলৰ বিশেষ ভূমিকা আছে ৷ ফুলত প্ৰটিন, ভিটামিন চি থাকে ৷ ৰঙা ফুলত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন বি পোৱা যায় বুলি কোৱা হয় ৷বকফুলত থকা আঁহ, কেলৰি, প্ৰটিন, ফছফৰাছ,আইৰণ, ভিটামিন চি, খনিজ পদাৰ্থই শৰীৰ সুস্থ কৰি নিৰোগী কৰি ৰাখে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *