ভাৰতৰ হাতত মজুত ১৮০ টা পাৰমাণৱিক অস্ত্ৰ

ভাৰতত হাতত মজুত আছে ১৮০ টা পাৰমাণৱিক অস্ত্ৰ। আনহাতে, পাকিস্তানৰ হাতত আছে ১৭০ টা পাৰমাণৱিক অস্ত্ৰ। এই কথা ষ্টকহোম ইণ্টাৰনেচনেল পিচ ৰিচাৰ্ছ ইনষ্টিটিউটে বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি  প্ৰায় ৯খন পাৰমাণৱিক সমৃদ্ধ দেশে ২০২৪ চনতো নিজৰ পাৰমাণৱিক কাৰ্যসূচীৰ আধুনিকীকৰণ অব্যাহত ৰাখিছে।

ইয়াৰ উপৰিও এই দেশসমূহে বৰ্তমানৰ পাৰমাণৱিক অস্ত্ৰসমূহৰ উন্নতি সাধন কৰিছিল আৰু ইয়াৰ বহু নতুন সংস্কৰণ সংযোজন কৰিছিল। সমগ্ৰ বিশ্বৰ ৯খন দেশ হৈছে পাৰমাণৱিক ক্ষমতাসম্পন্ন, যিকেইখন আমেৰিকা, ৰাছিয়া, ইউ কে, ফ্ৰান্স, চীন, ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইল। এই আটাইকেইখন দেশত হাতত প্ৰায় ১২,২৪১ টা ৱাৰহেড আছে। এই পৰিসংখ্যা ২০২৫ চনৰ জানুৱাৰী মাহলৈকে।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে ২০২৪ চনৰ পৰাও পাৰমাণৱিক অস্ত্ৰৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে আৰু নতুন ধৰণৰ পাৰমাণৱিক ডেলিভাৰী ব্যৱস্থাৰ বিকাশ অব্যাহত ৰাখিছে। প্ৰতিবেদন অনুসৰি আমেৰিকাৰ হাতত সৰ্বাধিক ৫১৭৭টা পাৰমাণৱিক অস্ত্ৰ থকাৰ বিপৰীতে ৰাছিয়াৰ ৫৪৫৯, চীনৰ ৬০০, ইউ কেৰ ২২৫ আৰু ইজৰাইলৰ ৯০ টা পাৰমাণৱিক অস্ত্ৰ আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *