পুনৰ বিস্ফোৰণৰ ঘটনা

ফটকা কাৰখানত বিস্ফোৰণ হৈ মৃত্যুক সাৱতি লয় কেইবাজন লোকে। বিস্ফোৰণত চাৰিগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ গৰাকীকৈ মহিলা শ্ৰমিক আৰু এজন পুৰুষ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ এটা ফটকা কাৰখানাত। ঘটনা সংঘটিত হোৱাৰ লগে লগে এম আৰু এছ পিৰ সৈতে সমগ্ৰ প্ৰশাসনিক কৰ্মচাৰীয়ে সেই স্থানত উপস্থিত হয়।এই কাৰখানাটোত ১৫ জনতকৈ অধিক মহিলা আৰু পুৰুষ শ্ৰমিকে ফটকা পেকিঙৰ কাম কৰি আছিল। কিন্তু ইয়াৰ মাজত হঠাতে ফটকা বিস্ফোৰণ সংঘটিত হয়। যাৰ ফলত মহিলা শ্ৰমিকৰ চাৰিগৰাকীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ৮ গৰাকী মহিলা শ্ৰমিক আৰু এজন লোক গুৰুতৰভাৱে জ্বলি যায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *