এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত স্থান পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থান পৰিদৰ্শন কৰে।দুৰ্ঘটনাস্থলীৰ পিছতে অসামৰিক চিকিৎসালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত তেওঁ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। বৃহস্পতিবাৰে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান।

বিমানখন লণ্ডন অভিমুখে উৰা মৰাৰ কিছু সময়ৰ পাছতে আৱাসিক এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয়। এয়াৰ ইণ্ডিয়াই জাহাজত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। বিমানখনত ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰু মেম্বাৰ আছিল। এই ঘটনাত ভাৰতীয় মূলৰ এজন বৃটিছ যাত্ৰীৰ জীৱন ৰক্ষা পৰে।

এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হয়। ঘটনাৰ পিছত আহমেদাবাদত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰায় সকলো যাত্ৰীৰ মৃতদেহ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *