নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২০ত আত্মপ্ৰকাশৰ পিছৰে পৰা বিশ্বজুৰি ২,০০,০০০ বিক্ৰী অতিক্ৰম কৰি নিজৰ সংপৃক্ত এছইউভি নিছান মেগনাইটৰ জৰিয়তে ক্ৰমবৰ্ধমান বৃহৎ মাইলৰ খুঁটি অৰ্জনৰ কথা ঘোষণা কৰিছে। এই কৃতিত্বই ঘৰুৱা আৰু ৰপ্তানি খণ্ডত গাড়ীখনৰ বজাৰৰ শক্তিশালী চাহিদাৰ কথা প্ৰতিফলিত কৰিলে, ভাৰতত বছৰি ২৮,০০০+ ইউনিট বিক্ৰী হয় আৰু ৬৫খনতকৈও অধিক দেশত উপস্থিতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
এই উপলক্ষে নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই কয় যে, এই মাইলৰ খুঁটিয়ে নিছানৰ উদ্ভাৱন আৰু গ্ৰাহকৰ আস্থাৰ প্ৰতি দায়বদ্ধতাক পুনৰ দৃঢ় কৰিলে। তেওঁ কয় যে, ‘আমি বিশ্বজুৰি আমাৰ গ্ৰাহকসকলৰ প্ৰতি কৃতজ্ঞ। মেগনাইটে একেসময়তে আকৰ্ষণীয় ডিজাইন আৰু প্ৰযুক্তিৰে বাহনক ন ৰূপত সংজ্ঞায়িত কৰি জয়যাত্ৰা অব্যাহত ৰাখিছে। নিছানে ইন্ধনৰ বিকল্পৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৭৪,৯৯৯ টকা মূল্যৰ চৰকাৰী অনুমোদিত চিএনজি কিটো আগবঢ়াইছে। ১.০ লিটাৰ পেট্ৰ’ল মেনুৱেল ভেৰিয়েণ্টৰ সৈতে সামঞ্জস্যপূৰ্ণ এই কিট নিছানৰ প্ৰমাণিত আৰু অনুমোদিত কেন্দ্ৰসমূহত লাভ কৰিব।
মেগনাইট এক পছন্দৰ এছইউভি বিকল্প হৈ পৰিছে, নিছানৰ ব্যয়সাধ্যতা, শক্তিশালী ডিজাইন আৰু বৈশিষ্ট্যৰে পৰিপূৰ্ণ ভিন্ন ৰূপৰ দ্বাৰা চালিত—যি চহৰৰ পথ আৰু আঞ্চলিক ভূখণ্ড দুয়োটা পথৰ বাবে উপযুক্ত। চিএনজি ভেৰিয়েণ্ট মুকলিৰ ঘোষণাৰ পিছত ডিলাৰসকলে গ্ৰাহকৰ চাহিদা বৃদ্ধি পোৱাৰ কথা জনাইছে। আহি থকা দিনবোৰত নিছানে নিজৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৃষ্টিভংগীৰ অধীনত তিনিখন নতুন বাহন মুকলি কৰাৰ পৰিকল্পনা কৰিছে—য’ত আছে ৭খন আসনৰ এমপিভি আৰু দুখন চি-ছেগমেণ্ট এছইউভি।