কাজি নেমু আপোনাৰো প্রিয় নেকি

অসমত উপলব্ধ এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু হৈছে কাজি নেমু ৷ অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰিলে কাজি নেমুৱে ৷ আহক ইয়াৰ সৈতে কিছু বিশেষ কথা জানি লওক-কাজিনেমু সকলোৰে প্ৰিয় । পেট ফুলাৰ পৰা আৰম্ভ কৰি ছালৰ সমস্যা দূৰ কৰা, ওজন নিয়ন্ত্ৰণ কৰালৈকে কাজিনেমুৰ বহু স্বাস্থ্যৰ উপকাৰিতা আছে । এই উপকাৰিতাৰ বিষয়ে জানক ।বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ তথা খাবলৈ সোৱাদযুক্ত, সুগন্ধিযুক্ত কাজি নেমুৱে লাভ কৰিলে GI টেগ ৷ অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰিলে কাজি নেমুৱে ৷ সোমবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷বিশেষকৈ অসমত কাজিনেমু সৰ্বাধিক উৎপাদন হয় । গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে অসমৰ বজাৰত কাজিনেমু ভৰি পৰে । ২০১৯ চনত ভৌগোলিক স্বীকৃতি লাভ কৰে কাজিনেমুয়ে। আপুনি জানেনে এই কাজিনেমুৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে । কাজিনেমু সকলোৱে প্ৰিয় । গবিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলক ভাবে ডাঙৰ ৷ কাজিনেমু পকি যোৱাৰ পিছতো বহু দিন গছত লাগি থাকি সৰি নাযায় আৰু গোটেই বছৰটো ফল লাগে ৷ ২০১৯ চনত কাজি নেমুয়ে ভৌগোলিক স্বীকৃতিও লাভ কৰে ৷ কোৱা হয় যে, কাজিনেমুৰ ৰসে হজম শক্তি বৃদ্ধি কৰে। কাজিনেমুৰ ৰসে বদহজম, পেট ফুলা লক্ষণসমূহ দূৰ কৰাত সহায় কৰিব পাৰে। পেটৰ সমস্যাৰ পৰা উপশম পাবলৈ কাজিনেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত কাজি নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয় ৷কাজিনেমুত ভিটামিন চি আৰু ফ্লেভনয়ডকে ধৰি বিভিন্ন এন্টিঅক্সিডেন্ট থাকে। এই যৌগবোৰে ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাত সহায় কৰে আৰু শৰীৰত অক্সিডেটিভ চাপ হ্ৰাস কৰে। এন্টিঅক্সিডেন্টসমূহে কোষীয় স্বাস্থ্য বজাই ৰখাত ভূমিকা পালন কৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ বিৰুদ্ধে সুৰক্ষামূলক প্ৰভাৱ পেলাব পাৰে।আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত কাজি নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে ৷আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত কাজি নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *