দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ আজি মুকলি কৰিলে নিজৰ শেহতীয়া অভিযান, এক উল্লেখযোগ্য মাইলৰ খুঁটি উদযাপন কৰিছে –যি হৈছে ২০২৫ বিত্তীয় বৰ্ষৰ ৬ মাহত সমগ্ৰ ভাৰতত ১,০০,০০০ৰো অধিক টাৱাৰ সংযোজন। এই কৃতিত্বই ভি-ৰ নেটৱৰ্ক আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক উজ্জ্বল কৰি তুলিলে, যিয়ে নেটৱৰ্ক আন্তঃগাঁথনি সম্প্ৰসাৰণত পৰিসৰ আৰু গতিৰ ওপৰত আলোকপাত কৰিছে। ভি-ৰ নেটৱৰ্ক আখ্যানক এটা সতেজ আৰু আকৰ্ষণীয় ফৰ্মেটত আগুৱাই লৈ গৈ এই অভিযানে সকলো নতুন নেটৱৰ্ক অৱতাৰ –দ্য নেটিছ- মোবাইল টাৱাৰৰ পৰা অনুপ্ৰাণিত এনিমেটেড চৰিত্ৰৰ এটা গোটৰ আত্মপ্ৰকাশ কৰিছে। আইপিএলৰ উত্তেজনাৰ মাজতে এই অৱতাৰক ক্ৰিকেট খেলুৱৈৰ এক গতিশীল দল হিচাপে একত্ৰিত কৰা হৈছে, যিয়ে বিভিন্ন দলক ছিজনৰ আটাইতকৈ শক্তিশালী দল বুলি প্ৰতীকিত কৰিছে। এই আমোদজনক আৰু ৰোমাঞ্চকৰ স্কোৱাডটোৱে নিজৰ নেটৱৰ্ক প্ৰমাণপত্ৰসমূহক এক অনন্য আৰু স্মৰণীয়ভাৱে জীৱন্ত কৰি তুলি ভি-ৰ বিৱৰ্তনশীল নেটৱৰ্কৰ শক্তি, পৰিসৰ আৰু চঞ্চলতাক মূৰ্ত কৰি তুলিছে।
যোৱা কেইমাহমানত ভি-এ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। মুম্বাই, চণ্ডীগড় আৰু পাটনাত ৫জি সেৱা আৰম্ভ কৰাৰ লগতে শীঘ্ৰে দিল্লী আৰু বেংগালুৰুত আৰম্ভ কৰাৰ সাজু হৈছে। সমান্তৰালভাৱে, ভি-এ ইয়াৰ ৪জি নেটৱৰ্কো শক্তিশালী কৰিছে, নতুন টাৱাৰ স্থাপন আৰু ৯০০ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ আৰু ২৩০০ মেগাহাৰ্টজ স্পেকট্ৰাম বেণ্ডত উন্নীতকৰণৰ জৰিয়তে সামৰ্থ্য আৰু বিস্তৃতিৰ সম্প্ৰসাৰণ কৰিছে। এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি ভিৰ মুখ্য বিপণন বিষয়া অবনীশ খোছলাই কয় যে, “আমাৰ নেটৱৰ্ক সম্প্ৰসাৰণ কেৱল পৰিমাপৰ বিষয় নহয়, এয়া হৈছে স্মাৰ্ট, কৌশলগত নিয়োগৰো বিষয়। উচ্চ যাতায়ত সুচল অঞ্চলসমূহক অগ্ৰাধিকাৰ প্ৰান কৰি স্পেকট্ৰাম দক্ষতাৰে লাভৱান কৰি আৰু এটা মানসম্পন্ন ঘৰৰ ভিতৰৰ অভিজ্ঞতা প্ৰদানত মনোনিৱেশ কৰি আমি এটা ভৱিষ্য-কেন্দ্ৰিক, উচ্চ-কাৰ্যক্ষম নেটৱৰ্ক গঢ়ি তুলিছোঁ৷ ছমাহৰ ভিতৰত ১ লাখ টাৱাৰ সংযোজন আৰু শ্ৰেষ্ঠ ৪জি অভিজ্ঞতাৰ বাবে স্বীকৃতিয়ে আমাৰ গ্ৰাহকৰ বাবে দীৰ্ঘম্যাদী মূল্য সৃষ্টি কৰাৰ লগতে সামঞ্জস্যপূৰ্ণ, গুণগত মানসম্পন্ন সংযোগ প্ৰদানৰ প্ৰতি ভি-ৰ সমৰ্পণক আলোকপাত কৰা হৈছে।”
অগিলভিৰ ছিনিয়ৰ ইচিডি ৰোহিত ডুবেই এই বিষয়ে কয় যে, “ভি-ৰ বাবে সৃষ্টিৰ সময়ত আমি বিশ্বাস কৰোঁ যে যোগাযোগৰ প্ৰতিটো টুকুৰাই যাতে আনন্দৰ অগণি জ্বলাব লাগে—সেয়েহে এটা কাৰিকৰী কাহিনী হৃদয়েৰে ক’বলৈ আমি এনিমেচনক বাছি লৈছিলো। এই প্ৰচাৰ ছবিখনে টেলিকম টাৱাৰসমূহক সতীৰ্থলৈ ৰূপান্তৰিত কৰিছে, যিয়ে দেখুৱাইছে যে কেনেকৈ আমাৰ শক্তিশালী নেটৱৰ্কে, এটা বৃহৎ-মহান ক্ৰিকেট দল হিচাপে, কেতিয়াও বল-বা সংকেত এৰি নাযায়। এক লাখ নতুন টাৱাৰ, শিলৰ দৰে এটা দৃঢ় দল। এয়া আমাৰ এতিয়ালৈকে আটাইতকৈ শক্তিশালী দিশ।”