ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাতৰ বাবে স্থগিত কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ১৬ বা ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব পাৰে আৰু ফাইনেল কলকাতাৰ পৰা স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। শনিবাৰে যুদ্ধবিৰতি ঘোষণাৰ পিছতে ৯ মে’ত এসপ্তাহৰ বাবে স্থগিত ৰখা লীগখন পুনৰ আৰম্ভ হোৱাৰ আশাৰ সঞ্চাৰ হৈছে। দেওবাৰে আই পি এল গভৰ্নিং কাউন্সিলৰ সদস্য আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলে লীগ পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে ব’ৰ্ডে এতিয়াও উপযুক্ত সময়সূচী চূড়ান্ত কৰাৰ কাম কৰি আছে। শুক্লাই কয়-এতিয়ালৈকে আই পি এল সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। বি চি চি আইৰ বিষয়াসকলে ইয়াৰ সমাধানৰ কাম কৰি আছে। বি চি চি আইৰ সম্পাদক, আই পি এলৰ অধ্যক্ষই ফ্ৰেঞ্চাইজি আৰু সকলোৰে সৈতে কথা পাতিছে, গতিকে অতি সোনকালে আমি এই সিদ্ধান্তৰ বিষয়ে গম পাম।
প্ৰতিযোগিতাখন অতি সোনকালে পুনৰ আৰম্ভ কৰাৰ প্ৰয়াস কৰা হৈছে। আই পি এলৰ এক সূত্ৰই জনোৱা মতে, লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰজায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ জৰিয়তে লীগখন পুনৰ আৰম্ভ হ’ব – যিটো সূচী অনুসৰি ৯ মে’ত অনুষ্ঠিত হ’বলগীয়া আছিল। এক সূত্ৰই জনোৱা মতে, সকলো দলকে নিজৰ খেলুৱৈক পুনৰ আহ্বান কৰিবলৈ কোৱা হৈছে। ১৬ বা ১৭ মে’ৰ পৰা লক্ষ্ণৌত পুনৰ আৰম্ভ হ’ব এই প্ৰতিযোগিতা। সূত্ৰই কয় – বেছি সম্ভাৱনা আছে যে মেচসমূহ চাৰিটা স্থানত অনুষ্ঠিত হ’ব আৰু দিল্লী আৰু ধৰ্মশালাই আৰু মেচ আয়োজন কৰিবলৈ নাপাব। ইতিমধ্যে এই স্থানসমূহৰ পৰা সকলো সঁজুলি আঁতৰাই পেলোৱা হৈছে।
সূত্ৰটোৱে লগতে কয় যে হায়দৰাবাদে আয়োজন কৰিবলগীয়া কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰৰ স্থানৰ কোনো পৰিৱৰ্তন নহ’ব যদিও সেইদিনা মহানগৰীত বৰষুণৰ পূৰ্বাভাস পোৱাৰ বাবে কলকাতাই ১ জুনত ফাইনেল আয়োজনৰ পৰা বঞ্চিত হ’ব পাৰে। সূত্ৰটোৱে কয় যে এতিয়ালৈকে প্লে অফ পৰ্যায়ৰ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই যদিও বৰষুণৰ ফলত কলকাতাৰ ফাইনেলত প্ৰভাৱ পৰিব পাৰে । তেনে ক্ষেত্ৰত আহমেদাবাদত ফাইনেল অনুষ্ঠিত হ’ব পাৰে। এক সাক্ষাৎকাৰত বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে অহা কেইদিনমানৰ ভিতৰত আমি লীগৰ বাকী থকা মেচসমূহ আয়োজন কৰা ফ্ৰেঞ্চাইজি, সম্প্ৰচাৰক, পৃষ্ঠপোষক আৰু ৰাজ্যিক সংস্থাসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিম। তেওঁ কয় যে এই সময়ত আই পি এলৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ আৰম্ভ কৰাৰ সময় চূড়ান্ত কৰাৰ পূৰ্বে ভাৰত চৰকাৰৰ অনুমোদন লোৱাটোও বিবেচনাপূৰ্ণ আৰু প্ৰয়োজনীয় হ’ব।