গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত

গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত। দেওবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত এই নিৰ্দেশনা প্ৰদান কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গৃহহীন গৰু সুৰক্ষা কেন্দ্ৰসমূহক স্বাৱলম্বী কৰি তোলাৰ বাবে উচিত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী অট্টালিকাত গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব লাগে। পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক এই নিৰ্দেশনা প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *