পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ প্ৰবাহ কৰ্তন কৰিছে আৰু ঝিলাম নদীৰ কিষাণগংগা মথাউৰিতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে বুলি দেওবাৰে সূত্ৰই প্ৰকাশ কৰিছে ।খবৰ অনুসৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ সোঁত হ্ৰাস কৰাৰ লগতে ঝেলুম নদীৰ কিশানগংগা বান্ধ বন্ধ কৰাৰ যো জা চলাই আছে।ভাৰতৰ এই পদক্ষেপৰ পাছতে শংকিত হৈ পৰিছে পাকিস্তান। ইয়াৰ পূৰ্বে পাকিস্তানে সিন্ধু জল চুক্তি বাতিলৰ পদক্ষেপটো যুদ্ধসদৃশ কাৰ্য বুলি অভিহিত কৰিছিল। পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৱে ভাৰতক সকীয়াই দিছিল যে যদি সিন্ধুৰ পানী বন্ধ কৰা হয় তেন্তে “সিন্ধুত পানী নহয়, তেজ ব’ব।” আনকি পাকিস্তানৰ কেইবাগৰাকী মন্ত্ৰীয়ে ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।
পাকিস্তানৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত
