ঢাকাত বৃদ্ধি পাইছে বিষাক্ত বায়ু

বাংলাদেশৰ ৰাজধানী ঢাকাত বৃদ্ধি পাইছে বিষাক্ত বায়ুৰ মাত্ৰা। মহম্মদ ইউনুছৰ চহৰ ঢাকাক আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে বিবেচিত হৈছে। চহৰখনৰ বায়ুৰ গুণাগুণ আৰু প্ৰদূষণৰ ৰেংকিঙ অনুসৰি ঢাকাৰ বায়ুক “অস্বাস্থ্যকৰ” বুলি অভিহিত কৰিছে।AQI ৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশ আটাইতকৈ বিষাক্ত বায়ুৰে প্ৰথম স্থানত আছে। ইয়াত ভাৰত দ্বিতীয় স্থানত আছে, ৰাজধানী দিল্লীৰ AQI হৈছে ১৪৯। তৃতীয় স্থানত আছে ভিয়েটনামৰ হানয় ১৪৭ আৰু তৃতীয় স্থানত আছে নেপালৰ কাঠমাণ্ডু ১২৫ AQI ৰে।২০২৪ চনৰ বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন অনুসৰি ১০০খন অতি প্ৰদূষিত চহৰ আৰু নগৰৰ ভিতৰত ৭৪খন ভাৰতত আছে, যিটো যোৱা বছৰ ৮৩খন আছিল। সৰ্বাধিক প্ৰদূষিত চহৰ হোৱাৰ পিছতো ভাৰত এই তালিকাত পঞ্চম স্থানত আছিল।বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় ৭০ লাখ লোকৰ মৃত্যু হয়, য’ত ষ্ট্ৰোক, হৃদৰোগ, ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ, হাওঁফাওঁৰ কৰ্কট ৰোগত মৃত্যুৰ হাৰ সৰ্বাধিক বৃদ্ধি পায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *