মাছৰ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ, মীন পালনত উৎপাদনশীলতা বৃদ্ধিৰ বাবে গড্ৰেজ এগ্ৰ’ভেটে মুকলি কৰিলে এগ্ৰ’ৰিড

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিআৰ) – চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিচাৰিজ এডুকেচন(চিআইএফই)ৰ সহযোগত গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(গড্ৰেজ এগ্ৰ’ভেট)-এ এগ্ৰ’ৰিড নামৰ এক অভিনৱ মাছৰ ৰোগ নিয়ন্ত্ৰক মুকলি কৰিছে। ভাৰতীয় মীন পালন খণ্ডৰ ৪৮% পুখুৰীত প্ৰভাৱ পেলোৱা আৰু ইয়াৰ ফলত বাৰ্ষিক ৬২.৫ মিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান হোৱা আৰ্গুলাছ সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ভাৱন কৰা এগ্ৰ’ৰিডে কৃষকৰ অনুকূল, ব্যৱহাৰ কৰাত সহজ সমাধানৰ প্ৰতিশ্ৰুতি দিছে, যিয়ে মাছৰ স্বাস্থ্য উন্নত আৰু উৎপাদনশীলতা সমানে বৃদ্ধি কৰে।

গড্ৰেজ এগ্ৰ’ভেটৰ পৰিচালনা সঞ্চালক বলৰাম সিং যাদৱে মীন পালকসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত এই সামগ্ৰীৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “এগ্ৰ’ৰিড হৈছে মীন পালন উদ্যোগৰ আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানবোৰৰ এক নিৰ্ভৰযোগ্য, গৱেষণা-চালিত সমাধান। আইচিএআৰ-চিআইএফইৰ সৈতে এই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে ভাৰতৰ মীন পালন খণ্ডক শক্তিশালী কৰাৰ লগতে দেশৰ নীল বিপ্লৱত অৰিহণা যোগাব,” এইদৰে উল্লেখ কৰে যাদৱে। আইচিএআৰ-চিআইএফই-ৰ ড০ মহম্মদ অকলাকুৰে মাছৰ ৰোগ প্ৰতিৰোধ কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ দ্বৈত উপকাৰৰ ওপৰত আলোকপাত কৰি এগ্ৰ’ৰিডক এক বৈজ্ঞানিক সফলতা হিচাপে উচ্চ প্ৰশংসা কৰিছে।

এই প্ৰয়োজনীয় সামগ্ৰীৰ মুকলিৰ ফলত  সমগ্ৰ অসমৰ মীন পালকসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে, কিয়নো গ্ৰামাঞ্চলত মীন পালন কৰাটো স্থানীয় অৰ্থনীতিৰ বাবে অবিচ্ছেদ্য। মীন পালনৰ হাৰ আৰু উৎপাদনশীলতা বৃদ্ধি কৰি এগ্ৰ’ৰিডে উপাৰ্জন বৃদ্ধি কৰিব পাৰে আৰু আঞ্চলিক বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ অসমৰ মাছৰ বজাৰখন শক্তিশালী কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *