ভাৰতৰ আগশাৰীৰ গ্লবেল বিমান সেৱা প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই এটা কৃত্ৰিম বুদ্ধিমত্তা(এআই)চালিত সুবিধা ইজেড বুকিং মুকলি কৰিছে, যাৰ দ্বাৰা গ্ৰাহকসকলে কেৱল এআই এজেণ্টৰ সৈতে নিজৰ বিতং ভ্ৰমণসূচী টেক্সট বা কথা পাতি পাতি বৰ্তমানে উপলব্ধতকৈ কম পদক্ষেপতে ৱেবছাইটত ভ্ৰমণৰ বাবে টিকট সংৰক্ষণ সম্পূৰ্ণ বা নিশ্চিত কৰিব পাৰে। বৰ্তমানে উপলব্ধ এয়াৰ ইণ্ডিয়াৰ আনুগত্য পদক্ষেপ মহাৰাজা ক্লাবৰ সদস্যসকলৰ বাবে বিশেষভাৱে এই সুবিধা উপলব্ধ, এই বিকল্প ব্যৱস্থাই কেইবাটাও কমাণ্ড আঁতৰাই আৰু একাধিক স্ক্ৰীণ নেভিগেট অবিহনে গ্ৰাহকসকলক এয়াৰ ইণ্ডিয়াৰ ৱেবছাইট airindia.comত প্ৰয়োজনীয় টিকট বুক কৰাত সহায় কৰে।
ইজেড বুকিং হৈছে এয়াৰ ইণ্ডিয়াৰ গ্ৰাহকসকলক এক উন্নত আৰু নিৰৱিচ্ছিন্ন অভিজ্ঞতা প্ৰদান কৰাৰ বাবে হাতত লোৱা শেহতীয়া এক পদক্ষেপ। ইজেড বুকিং বুদ্ধিদীপ্ত ‘এজেণ্টিক এআই’ সঁজুলিৰ দ্বাৰা চালিত আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহ অনুঢাৱন কৰি নিজৰ ইচ্ছানুযায়ী ভ্ৰমণসূচী তৈয়াৰ কৰি ট্ৰেভেল এজেণ্টৰ ভূমিকা অনুকৰণ কৰে।
এয়াৰ ইণ্ডিয়াৰ মুখ্য ডিজিটেল আৰু প্ৰযুক্তি বিষয়া ড০ সত্য ৰামাস্বামীয়ে এই কথা সদৰি কয় যে, “আমি আশা কৰোঁ যে আমাৰ যাত্ৰীসকলে ইজেড বুকিঙৰ ব্যৱহাৰৰ সহজতা, গতি আৰু সুবিধা উপভোগ কৰিব পাৰে, যিয়ে শক্তিশালী ডিজিটেল চেনেলৰ উপস্থিতিয়ে অধিক সমৃদ্ধ কৰিব পাৰে।” ভ্ৰমণকাৰীসকলে www.airindia.comত মহাৰাজা ক্লাবৰ ৱেবছাইটত লগ ইন কৰাৰ পিছত শীৰ্ষ নেভিগেচন বাৰত ইজেড বুকিং বৈশিষ্ট্য-সুবিধাসমূহ বিচাৰি পাব পাৰে।