নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি) আৰু ফিনটেক প্ৰতিষ্ঠান শ্লাইচৰ একত্ৰিকৰণে উত্তৰ-পূব ভাৰতৰ লগতে আন প্ৰান্ততো বিত্তীয় সেৱা বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। এই অংশীদাৰিত্বই বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰাৰ লগতে অঞ্চলটোলৈ নতুন সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। এনইএছএফবি-এ প্ৰায় ১৮ মাহ ধৰি কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যাৰ ভিতৰত কাৰ্যকৰী অদক্ষতা আৰু বিত্তীয় অস্থিৰতা অন্যতম। আৰম্ভণিতে নিম্ন আয়ৰ লোকসকল আৰু ক্ষুদ্ৰ উদ্যোগসমূহক সেৱা আগবঢ়োৱাত গুৰুত্ব দিয়া বেংকটোৱে অ-ব্যৱস্থা আৰু দুৰ্নীতি-অনিয়মৰ বাবে সংগ্ৰাম কৰিব লগা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰবিআই)-এ এই সমস্যাবোৰ সমাধান কৰিবলৈ পদক্ষেপ লৈছিল, যাৰ ফলত শ্লাইচৰ সৈতে একত্ৰিকৰণ সম্ভৱ হৈছিল।
নতুন পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া হিচাপে এতিয়া সতীশ কুমাৰ কালৰাৰ নেতৃত্বত এনইএছএফবি পুনৰুদ্ধাৰৰ পথত আগবাঢ়িছে। বেংকিঙৰ ৪০ বছৰতকৈও অধিক সময়ৰ অভিজ্ঞতাসমৃদ্ধ কালৰাই বেংকটোক সুস্থিৰ অৱস্থালৈ লৈ গৈছে, বৰ্তমান বেংকটোৰ মুঠ সম্পদৰ পৰিমাণ ৯২০ কোটি টকালৈ বৃদ্ধি হৈছে আৰু ২৩.৫% সুস্থ মূলধনী পৰ্যাপ্ততা অনুপাত(চিআৰএআৰ) বজাই ৰাখিছে।
শ্লাইচৰ সৈতে একত্ৰিকৰণে এনইএছএফবিক নিজৰ কাৰ্য-কলাপৰ আধুনিকীকৰণ, উন্নত প্ৰযুক্তি গ্ৰহণ আৰু ডিজিটেল সেৱা সম্প্ৰসাৰিত কৰাত সহায় কৰিছে। বেংকে নিজৰ বিকাশত সহায় কৰিবলৈ উদ্ভাৱন, নতুন বিত্তীয় সামগ্ৰী বিকশিত কৰা আৰু দক্ষ পেছাদাৰী সকলক নিয়োগ কৰা, বিশেষকৈ প্ৰযুক্তি আৰু এআই-ত নিয়োজিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।