কিষ্ণা ডায়মণ্ড আৰু গ’ল্ড জুৱেলাৰীৰ অবকি_বাৰ_আপকে_লিয়ে অভিযানৰ সমাপ্তি

ভাৰতৰ অন্যতম আগশাৰীৰ গহণা ক্ষেত্ৰখনৰ খুচুৰা শৃংখল কিষ্ণা ডাইমণ্ড এণ্ড গ’ল্ড জুৱেলাৰীয়ে সমগ্ৰ দেশৰ ১০০জন সৌভাগ্যৱান গ্ৰাহকক মাৰুতি চেলেৰিঅ’ গাড়ী প্ৰদান কৰিছে। #অবকি_বাৰ_আপকে_লিয়ে অভিযানৰ ভব্য সামৰণিৰ অংশ হিচাপে ১১খন চহৰত একেলগে বিজয়ীসকলৰ হাতত গাড়ীসমূহ গতাই দিয়া হয়। এই আকৰ্ষণীয় পদক্ষেপত ৫১,২১৯ জনতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল, এই পৰিসংখ্যাই প্ৰমাণ কৰে যে কিষ্ণাৰ ইতিহাসত এয়া আছিল উদ্যোগটোৰ অন্যতম উল্লেখযোগ্য অভিযান।

২০২৪ চনৰ ১ ছেপ্টেম্বৰ শুভাৰম্ভণি হৈ ২০২৫ চনৰ ১৮ জানুৱাৰীত সমাপ্ত হোৱা এই অভিযানত অংশগ্ৰহণকাৰীসকলে ২০,০০০ টকা বা তাতকৈ অধিক মূল্যৰ হীৰা, প্লেটিনাম বা আন গহণা আৰু ৫০,০০০ টকা বা তাতকৈ অধিক মূল্যৰ সোণৰ গহণা ক্ৰয়ৰ জৰিয়তে এখন গাড়ী জিকাৰ সুযোগ প্ৰদান কৰিছিল। এই অভিযানৰ গ্ৰেণ্ড ফিনালেৰ অংশ হিচাপে কিষ্ণাই সমগ্ৰ ভাৰতৰ ১০৪ গৰাকী বিজয়ীক নিৰ্বাচন কৰিছিল।

হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ঘনশ্যাম ঢোলাকিয়াই এই কথা ব্যাখ্যা কৰি কয় যে, “#অবকি_বাৰ_আপকে_লিয়ে অভিযানত গহণা ক্ৰেতাসকলৰ অভূতপূৰ্ব সঁহাৰি আমাৰ গ্ৰাহকসকলৰ কিষ্ণাৰ প্ৰতি থকা আস্থা আৰু মৰমৰ চাক্ষুস প্ৰমাণ।” কিষ্ণা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীৰ সঞ্চালক পৰাগ শ্বাহে এই বিষয়ে দৃঢ়তাৰে কয় যে, “এই অভিযানে প্ৰতিটো ভাৰতীয় পৰিয়ালৰ সৈতে সংযোগ স্থাপনৰ আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *