এবছৰত বিজেপিলৈ ২,৬০৪ কোটি টকাৰ অনুদান

দেশত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে ২০২৩-২৪ বৰ্ষত ২,৬০৪.৭৪ কোটি টকাৰো অধিক অনুদান লাভ কৰিছে। আনহাতে বিৰোধী কংগ্ৰেছে ২৮১.৩৮ কোটি টকাৰ অনুদান লাভ কৰিছে। নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা দুয়োটা দলৰ অনুদানৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনত তালিকাভুক্ত অনুদানবোৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৩১ মাৰ্চ, ২০২৪ লৈকে লাভ কৰিছিল। বিজেপিয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৭৪০ কোটি টকাৰ অধিক অনুদান লাভ কৰাৰ কথা ঘোষণা কৰিছিল, আনহাতে কংগ্ৰেছে ২০১৮-১৯ বৰ্ষত ১৪৬ কোটি টকাতকৈ অধিক অনুদান লাভ কৰিছিল।

এই অনুসৰি, ২০২৩-২৪ বৰ্ষত বিজেপিয়ে প্ৰুডেণ্ট ইলেক্ট’ৰেল ট্ৰাষ্টৰ পৰা ৭২৩ কোটি টকাৰো অধিক, ট্ৰায়াম্ফ ইলেক্ট’ৰেল ট্ৰাষ্টৰ পৰা ১২৭ কোটি টকাৰো অধিক আৰু ট্ৰায়াম্ফ ইলেক্ট’ৰেল ট্ৰাষ্টৰ পৰা ১৭ লাখ তকৈও অধিক অনুদান লাভ কৰিছিল।প্ৰতিবেদন অনুসৰি, কংগ্ৰেছে প্ৰুডেণ্ট ইলেক্ট’ৰেল ট্ৰাষ্টৰ পৰা ১৫০ কোটি টকাৰ অধিক অনুদান লাভ কৰিছিল, যি একমাত্ৰ ট্ৰাষ্ট আছিল যিয়ে দলটোক অনুদান আগবঢ়াইছিল।

মনকৰিবলগীয়া যে কংগ্ৰেছে ১.৩৮ লাখ টকাৰ এনে অনুদান লাভ কৰিছিল, য’ত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কে চি বেণুগোপাল আৰু দিগ্বিজয় সিঙকে ধৰি শীৰ্ষ ৰাজনৈতিক নেতাসকলৰ অনুদান অন্তৰ্ভুক্ত আছিল। স্বীকৃত ৰাষ্ট্ৰীয় দল আম আদমী পাৰ্টি (আপ) য়ে  এই বিত্তীয় বৰ্ষত ১১.০৬ কোটি টকাৰ অধিক অনুদান লাভ কৰিছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী, আন এক স্বীকৃত ৰাষ্ট্ৰীয় দল, যিয়ে ৭.৬৪ কোটি টকাৰ অধিক অনুদান লাভ কৰিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *