দেশৰ অগ্ৰণী টেলিকম অপাৰেটৰ, ভোডাফোন আইডিয়া(ভি)ই অসম তথা উত্তৰ-পূব চক্ৰত ৪জি নেটৱৰ্কৰ ব্যতিক্ৰমী অভিজ্ঞতাৰ বাবে স্বীকৃতি লাভ কৰাৰ কথা ঘোষণা কৰিছে। অপেন ছিগনেলৰ ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহৰ ৪জি নেটৱৰ্ক এক্সপেৰিয়েঞ্চ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ৪জি স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ৪জি অভিজ্ঞতা পৰীক্ষা কৰিছিল, য’ত ভি-ৰ অসাধাৰণ ডাটা, ভইচ, ভিডিঅ’ আৰু গেমিং অভিজ্ঞতা প্ৰদান কৰি সকলো গ্ৰাহক অভিজ্ঞতা শিতানত আগবাঢ়ি আছে।
অপেন ছিগনেলৰ প্ৰতিবেদনত ভাৰতৰ ৭ ভনী– অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলত ভি-ৰ নেটৱৰ্ক সংযোগ আৰু মানদণ্ডৰ শ্ৰেষ্ঠতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। অঞ্চলটোত সৰ্বাধিক ডাটা গতিৰ সৈতে ভি-এ ব্যৱহাৰকাৰীসকলক অতুলনীয় ভিডিঅ’ আৰু গেমিং অভিজ্ঞতা প্ৰদান কৰি আহিছে। এই প্ৰতিবেদনে ভইচ কলৰ গুণগত মানদণ্ডত শীৰ্ষ প্ৰদৰ্শক হিচাপে আৰু সকলো উপভোক্তা অভিজ্ঞতা শ্ৰেণীত এজন অগ্ৰদূত হিচাপে ভি-ক স্থান প্ৰদান কৰিছে।
এই সাফল্যৰ বিষয়ে সদৰি কৰি ভি-ৰ অসম আৰু নৰ্থ ইষ্ট চাৰ্কলৰ ব্যৱসায়িক মুৰব্বী নবীন সিঙে কয় যে, “অসম আৰু উঃ-পূব চাৰ্কলত আমাৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে স্বীকৃতি লাভ কৰি আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ।” ভি-ৰ শেহতীয়া কিছুমান অফাৰৰ ভিতৰত অন্যতম : ভি গেৰাণ্টি প্ৰগ্ৰেম, ভি হিৰো ৰিচাৰ্জ, নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈকে আনলিমিটেড নাইট টাইম হাই স্পীড ডাটা, উইকেণ্ড ডাটা ৰ’ল’ভাৰ আৰু ডাটা ডিলাইট আদি।