নতুন নেতৃত্বক নিযুক্তিৰ কথা ঘোষণা নিছানৰ

নিছান মটৰ কোম্পানী লিমিটেডে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নেতৃত্বক দায়িত্ব প্ৰদানৰ কথা ঘোষণা কৰিছে। নিছানে শেহতীয়াকৈ নিজৰ টাৰ্ণআউট পদক্ষেপসমূহ অব্যাহত ৰাখিছে, যিবোৰে নিছানৰ সেৱা-ব্যৱসায়ক ন ৰূপত প্ৰতিষ্ঠিত কৰি বৰ্ধিত কাৰ্যক্ষমতা আৰু স্থিতিস্থাপকতা আনিব পৰাকৈ ডিজাইন কৰা হৈছে। এই কাৰ্যাৱলীৰ অংশ হিচাপে সাম্প্ৰতিক সমস্যাসমূহ মোকাবিলা কৰিবলৈ দ্ৰুত সঁহাৰি জনাই ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন চীফ পাৰ্ফমেঞ্চ অফিচাৰ(চিপিঅ’) নিযুক্তি দিছে।

নিছানৰ বৰ্তমানৰ মুখ্য বিত্তীয় বিষয়া (চিএফঅ’) ষ্টিফেন মাক চীনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আমেৰিকাৰ পৰিচালনা সমিতিৰ অধ্যক্ষ জেৰেমি পেপিনক চিএফঅ’ হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমানৰ মুখ্য ব্ৰেণ্ড আৰু গ্ৰাহক বিষয়া (চিবিচিঅ’) তথা জাপান/আছিয়ানৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আছাকো হোছিনোৱে জাপান/আছিয়ানৰ কাৰ্য-কলাপ চম্ভালাৰ পিছতে নিজৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰিব। বৰ্তমান চীনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্বোহেই য়ামাজাকিক আছাকো হোছিনোৰ স্থানত জাপান/আছিয়ানৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

এই নেতৃত্বৰ পৰিৱৰ্তনৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি নিছানৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া মাকোটো উচিডাই কয় যে, “এই নেতৃত্ববাহী নিযুক্তিয়ে কোম্পানীটোক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আমি গ্ৰহণ কৰা প্ৰতিকাৰ ব্যৱস্থাসমূহৰ বাবে প্ৰয়োজনীয় হৈছিল আৰু আহি থকা দিনত এই পৰিস্ফূত হ’ব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *