ৱেষ্ট ইণ্ডিজ ছিৰিজৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বাবে এডিডাছৰ নতুন এদিনীয়া জাৰ্চী উন্মোচন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ সৈতে অংশীদাৰিত্বৰ দ্বিতীয় বছৰত এডিডাছে ভাৰতীয় মহিলা আৰু পুৰুষ দুয়োটা ক্ৰিকেট দলৰ বাবে নতুন এদিনীয়া জাৰ্চি মুকলি কৰিছে। অভিনৱ ডিজাইনটোত ভাৰতৰ গৰ্ব আৰু ৰাষ্ট্ৰীয় উৎসাহৰ প্ৰতীক হিচাপে ত্ৰিৰংগাৰ ৰঙেৰে হাত দুখনত বিশেষ ৰূপ দি সম্পূৰ্ণ নীলা ৰঙত তৈয়াৰ কৰা হৈছে জাৰ্চিসমূহ। ১০০% পুনঃব্যৱহৃত সামগ্ৰীৰে প্ৰস্তুত কৰা এই জাৰ্চিত দীঘলীয়া মেচৰ সময়ত বৰ্ধিত আৰাম আৰু ঘাম শোষণ কৰিব পৰা এডিডাছৰ ক্লাইমাকুল+ প্ৰযুক্তি সন্নিৱিষ্ট কৰা হৈছে।

২০২৪ চনৰ ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ সময়ত মহিলা ক্ৰিকেট দলে এই জাৰ্চিৰে আত্মপ্ৰকাশ কৰিব। ২০২৪ চনৰ ২ ডিচেম্বৰৰ পৰা নিৰ্বাচিত এডিডাছৰ ষ্ট’ৰ আৰু অনলাইনত ৫৯৯৯ টকাত উপলব্ধ এই মেচ জাৰ্চি, আনহাতে ফেন ভাৰ্চন(অনুৰাগী জাৰ্চি)ৰ মূল্য ৯৯৯ টকা ধাৰ্য কৰা হৈছে। বিচিচিআইৰ সৈতে এই সহযোগিতাৰ অংশ হিচাপে মহিলা আৰু পুৰুষ দুয়োটা দলকে উন্নীত কৰা প্ৰশিক্ষণ আৰু ভ্ৰমণৰ সামগ্ৰী প্ৰদান কৰাৰ বাবেও এডিডাছ প্ৰতিশ্ৰুতিবদ্ধ।

গুৱাহাটীকে ধৰি সমগ্ৰ উঃ-পূৰ্বতে নতুন জাৰ্চিক লৈ চৰ্চিত হৈছে। মহিলা ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে স্থানীয় অনুৰাগীসকলে নতুন জাৰ্চিক উৎসাহেৰে সমৰ্থন জনাব বুলি আশা কৰা হৈছে। স্থানীয় ষ্ট’ৰ আৰু অনলাইন প্লেটফৰ্মত জাৰ্চিৰ উপলব্ধতাই উঃ-পূবৰ ক্ৰিকেটপ্ৰেমীৰ মাজত ভালদৰে অনুৰণন ঘটোৱাৰ সম্ভাৱনা আছে, যিয়ে অঞ্চলটোত এডিডাছৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰি তুলিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *