২০২৪ বৰ্ষৰ হৰ্ণবিল মিউজিক ফেষ্টিভেল উদযাপনৰ বাবে টয়োটা টয়োটা কিৰ্লোস্কাৰ মটৰৰ সহযোগিতা

টয়োটা কিৰ্লোস্কাৰ মটৰ চমুকৈ টিকেএমে ক্ৰমাগত তৃতীয় বছৰৰ বাবে ভাৰতৰ অন্যতম পৰিচিত সাংস্কৃতিক উদযাপনৰ থলী হৰ্ণবিল সংগীত মহোৎসৱৰ টাইটেল স্পনছৰশ্বিপ ৰূপে সহযোগিতা অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। নাগালেণ্ডৰ কোহিমা জিলাৰ কিছামাৰ নাগা হেৰিটেজ ভিলেজত ২ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে এই মহাসমাৰোহৰ আয়োজন কৰা হৈছে, য’ত জাপানৰ প্ৰসিদ্ধ ড্ৰাম পৰিৱেশনকাৰী ড্ৰাম টাওৰ এক বিশেষ উদ্বোধনী অভিনয়কে ধৰি ৰোমাঞ্চকৰ প্ৰদৰ্শন কৰা হয়।

এই অনন্য সহযোগিতাই পৰম্পৰাগত আৰু সমসাময়িক সংগীত অভিজ্ঞতাক একত্ৰিত কৰি এক গভীৰ সাংস্কৃতিক বান্ধোন প্ৰদৰ্শন কৰিছে। হৰ্ণবিল সংগীত মহোৎসৱৰ সৈতে টিকেএমৰ চলিত অংশীদাৰিত্বই নাগালেণ্ড আৰু উত্তৰ-পূবৰ লোকসকলৰ সৈতে টিকেএমৰ গভীৰ সম্পৰ্ক আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে সমৰ্থন প্ৰতিফলিত কৰে।

গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰা আৰু বিশ্বমানৰ সামগ্ৰী আৰু ব্যতিক্ৰমী সেৱাৰ জৰিয়তে অঞ্চলটোৰ অট’মটিভ দৃশ্যপট গঢ় দিয়াৰ এক শক্তিশালী প্ৰতিশ্ৰুতিৰে টিকেএমে সদায়ে উত্তৰ-পূৰ্বাঞ্চলত গভীৰভাৱে জড়িত হৈ আছে। হৰ্ণবিল মিউজিক ফেষ্টিভেল ২০২৪-ৰ সৈতে টিকেএমৰ সহযোগিতাৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায় খণ্ডৰ উপাধ্যক্ষ চবৰি মনোহৰে কয় যে, “একেৰাহে তৃতীয় বছৰৰ বাবে ঐতিহ্যমণ্ডিত হৰ্ণবিল মিউজিক ফেষ্টিভেলৰ সৈতে আমাৰ অংশীদাৰিত্ব অব্যাহত ৰাখিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *