ভাৰতৰ উত্তৰ-পূব অঞ্চলত আইচিআইচিআই ফাউণ্ডেচনে 9,100 ৰো অধিক ৰোগীক লাভান্বিত কৰে

আইচিআইচিআই বেংকৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) শাখা আইচিআইচিআই ফাউণ্ডেচনে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ স্বাস্থ্যসেৱা উন্নতি আৰু  সুলভতাৰ বাবে প্ৰয়াস কৰি আহিছে আৰু এই ইতিবাচক পদক্ষেপসমূহৰ জৰিয়তে ২০২৩ চনৰ পৰা সমগ্ৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰাৰ ৯,১০০ৰো অধিক ৰোগীক উপকৃত কৰিছে। যক্ষ্মা (টি বি) ৰোগৰ চিকিৎসা, কৰ্কট ৰোগীৰ যত্ন আৰু ডায়েলাইচিছ সেৱাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আইচিআইচিআই ফাউণ্ডেচনে ইতিমধ্যে ৬০তকৈও অধিক চিকিৎসা সঁজুলি যোগান ধৰিছে, যাৰ ভিতৰত আছে ভিডিঅ’ ব্ৰঙ্ক’স্ক’প, আল্ট্ৰাচাউণ্ড মেচিন, ডায়েলাইচিছ ইউনিট আৰু এণ্ডোস্কোপ মেচিন ইত্যাদি। আইচিআইচিআই ফাউণ্ডেচনে দূৰৱৰ্তী অঞ্চলত স্বাস্থ্যসেৱাৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে ৰক্ত সংগ্ৰহ বাহন, ভ্ৰাম্যমাণ চিকিৎসা গোট আৰু এম্বুলেন্স প্ৰদান কৰি আহিছে।

অসমত আইচিআইচিআই ফাউণ্ডেচনে চিৰাং, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাওকে ধৰি কেইবাখনো জিলাত ২৫টা ডায়েলিচিছ ইউনিট স্থাপন কৰি স্থানীয় চিকিৎসাৰ বিকল্প প্ৰদান কৰি বৃক্ক সম্পৰ্কীয় ৰোগত আক্ৰান্ত ৰোগীসকলক যথেষ্ট উপকৃত কৰিছে। এই পদক্ষেপে সমগ্ৰ অসমতে ইতিবাচক প্ৰভাৱ পেলাইছে, কিয়নো সকলো স্থানতে চিকিৎসা সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে আৰু স্থানীয় স্বাস্থ্যসেৱাৰ মান বৃদ্ধি কৰিছে। গুৱাহাটীৰ ক্ৰমবৰ্ধমান চিকিৎসা খণ্ডইও সেৱা ক্ষমতাৰ উন্নতি সাধন কৰি চহৰখনক ওচৰৰ অঞ্চলসমূহৰ বাবে স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে স্থান দিছে।

আইচিআইচিআই ফাউণ্ডেচনৰ ইতিবাচক পদক্ষেপসমূহৰ ভিতৰত আছে নাগালেণ্ডৰ বাবে ভ্ৰাম্যমাণ ৰক্ত সংগ্ৰহ গোট, যাৰ দ্বাৰা ৰক্তদান অভিযানক নতুন মাত্ৰা প্ৰদান কৰি ৫০০ৰো অধিক ৰোগীক উপকৃত হৈছে। ইয়াৰ উপৰিও মেঘালয়ত উন্নত যক্ষ্মা যতন সুবিধা আগবঢ়াই অধিক সঠিক ৰূপত ৰোগ নিৰ্ণয় ব্যৱস্থা মুকলি কৰি ৰাজ্যখনত মৃত্যুৰ হাৰ হ্ৰাস কৰিছে, এইসমূহ প্ৰয়াসে উত্তৰ-পূবত স্বাস্থ্যৰ গুণগত মান আৰু ফলাফল বৃদ্ধিৰ বাবে আইচিআইচিআই ফাউণ্ডেচনৰ প্ৰতিশ্ৰুতিক অংকিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *