উৎসৱমুখৰ চাহিদাৰ মাজতে অক্টোবৰ মাহত নিছান ইণ্ডিয়াই ৫,৫৭০ মেগনাইট ইউনিটৰ ৰেকৰ্ড গঢ়িলে

নিছান মটৰ ইণ্ডিয়াই নতুনকৈ মুকলি কৰা নিছান মেগনাইটৰ প্ৰবল চাহিদাৰ বাবেই ২০২৪ চনৰ অক্টোবৰ মাহৰ বাবে বিক্ৰীৰ আকৰ্ষণীয় পৰিসংখ্যা প্ৰকাশ কৰিছে। নিছান অক্টোবৰ মাহটোত মুঠ ৫,৫৭০খন পাইকাৰী বাহন বিক্ৰীৰ বাবে পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল, যিয়ে ফেষ্টিভ ছিজনত এক উল্লেখযোগ্য বিক্ৰীৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। মুঠৰ ভিতৰত অক্টোবৰ মাহত ২৪৪৯খন বাহন ৰপ্তানি হোৱাৰ বিপৰীতে ৩১২১টা বাহন ঘৰুৱাভাৱে বিক্ৰী হৈছিল।

নতুন মেগনাইটৰ মুকলিৰ লগে লগে গ্ৰাহকসকলৰ মাজত নতুন উৎসাহৰ সৃষ্টি কৰিছে, নিছানৰ মানদণ্ড আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিয়েই গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি দেখুৱাইছে। “আমি আমাৰ মূল্যৱান গ্ৰাহকসকলক এই ফেষ্টিভ ছিজনত নতুন নিছান নেগনাইটৰ প্ৰতি অপূৰ্ব সঁহাৰিৰ বাবে ধন্যবাদ জনাইছোঁ। মেগনাইটে বজাৰলৈ নতুন উৎসাহ কঢ়িয়াই আনিব পৰাটো অনুপ্ৰেৰণাদায়ক,” নিছান মটৰ ইণ্ডিয়াৰ পৰিচালনা সঞ্চালক সৌৰভ বৎসই এইদৰে কয়।

নিছান মেগনাইটৰ সফলতাই প্ৰতিষ্ঠানটোৰ বিস্তাৰিত ৰপ্তানি পদচিহ্নত যথেষ্ট অৰিহণা যোগাইছে, এই ‘মেড ইন ইণ্ডিয়া’ মডেলসমূহ বৰ্তমান বাঁওহতীয়া আসন চালনা বাহনৰ বজাৰকে ধৰি বিশ্বৰ ৬৫খনতকৈও অধিক দেশত উপলব্ধ। এই সম্প্ৰসাৰণে নিছানৰ বাবে এক গুৰুত্বপূৰ্ণ ৰপ্তানি কেন্দ্ৰ হিচাপে ভাৰতৰ ভূমিকা আৰু অধিক প্ৰবল কৰিলে। অসমৰ স্থানীয় অটোমোবাইল বজাৰত এই শুভাৰম্ভণিয়ে যথেষ্ট আগ্ৰহ-উত্তেজনা কঢ়িয়াই আনিছে। ষ্টাইলিছ আৰু বৈশিষ্ট্য সমৃদ্ধ বাহনৰ বাবে বৰ্ধিত অগ্ৰাধিকাৰেৰে মেগনাইটৰ সাহসী ডিজাইন আৰু শীৰ্ষ স্তৰৰ সুৰক্ষা বৈশিষ্ট্যসমূহ স্থানীয় ক্ৰেতাসকলৰ সৈতে দৃঢ়ভাৱে অনুৰণিত হৈছে, যি উত্তৰ-পূবত নিছানৰ বৰ্ধিত উপস্থিতিত অৰিহণা যোগাব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *