ভিটামিন ডিৰ অভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ টাটা টি গোল্ড ভিটাকেয়াৰে ছপা মাধ্যমত আৰম্ভ কৰিছে অভিনৱ অভিযান

জাৰ্নেল অৱ নিউট্ৰিচনেল চায়েন্সত ২০২১ চনত প্ৰকাশিত এক অধ্যয়নত সমগ্ৰ ভাৰততে ভিটামিনৰ অভাৱৰ এক উদ্বেগজনক তথ্য প্ৰকাশিত হৈছিল, ভাৰতৰ ভিটামিন ডিৰ অভাৱ(ভিডিডি)ৰ ফলত আনুমানিক ৭০% লোক আৰু ভিটামিন বি ১২ৰ অভাৱত প্ৰায় ৫৩% লোকে ভূগি আছে। এই অভাৱসমূহ বয়স  আৰু অঞ্চল অনুযায়ী পৃথক পৃথক, এই পৰিসংখ্যাই দেশজুৰি স্বাস্থ্যজনিত উদ্বেগৰ সৃষ্টি কৰে। বিশ্ব ভিটামিন ডি দিৱস উদযাপন কৰি টাটা উপভোক্তা সামগ্ৰীৰ টাটা টি গোল্ড ভিটাকেয়াৰে ভিটামিন ডিৰ অভাৱ আৰু লাভজনক সুস্থতা সমাধানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এক অভিযান আৰম্ভ কৰিছে। যি হৈছে অভিনৱ এক্ৰিলিক মিৰ’ৰ বিজ্ঞাপন আৰু এআৰ ফেচ টেষ্টৰ দ্বাৰা এআই আৰু প্ৰিণ্টৰ সংমিশ্ৰণ।

টাটাৰ উপভোক্তা সামগ্ৰীৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ পেকেটযুক্ত পানীয় খণ্ডৰ অধ্যক্ষ পুনিত দাসে এই বিষয়ে কয় যে, “টাটা টি গোল্ড ভিটাকেয়াৰৰ সৈতে আমি গ্ৰাহকসকলক নিজৰ নিজৰৰ দৈনন্দিন ভিটামিন গ্ৰহণৰ এটা অংশ দৈনন্দিন ৰুটিনত গ্ৰহণ কৰাৰ এক সুবিধাজনক উপায় আগবঢ়াইছো। আমি সুস্বাদু, দৈনন্দিন ব্যৱহাৰযোগ্য পানীয়ত সুবিধাজনক আৰু সুস্থতাৰ বিকল্প সমূহ আগবঢ়াবলৈ অভিনৱ উদ্ভাৱনৰ প্ৰয়াস কৰি আহিছোঁ।”

এই সজাগতামূলক প্ৰচাৰ অভিযানে গ্ৰাহকৰ ব্যস্ততা বৃদ্ধি কৰিবলৈ ডিজিটেল এআৰ ফিল্টাৰ “ফেচ টেষ্ট”ৰ সৈতে প্ৰিণ্ট মিডিয়াত প্ৰথমবাৰলৈ এই ধৰণৰ এক্ৰিলিক মিৰ’ৰ ইনচাৰ্টৰ ওপৰত আলোকপাত কৰিছে। এই আন্তঃসংযোগমূলক উপাদানসমূহৰ লক্ষ্য হৈছে বিশ্ব ভিটামিন ডি দিৱস উপলক্ষে ভিটামিন ডিৰ অভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *