বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া মন্তব্যক লৈ বাংলাদেশৰ ক্ষোভ

ঝাৰখণ্ডত বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া মন্তব্যক লৈ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে তীব্ৰ আপত্তি জনাইছে।বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ২৩ ছেপ্টেম্বৰৰ নিশা এক বিবৃতি জাৰি কৰি কয়, বাংলাদেশৰ নাগৰিক সন্দৰ্ভত ঝাৰখণ্ডত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া দুৰ্ভাগ্যজনক মন্তব্যৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ঢাকাত ভাৰতীয় উচ্চায়ুক্তক মাতি পঠিয়াইছিল আৰু এই সন্দৰ্ভত এখন প্ৰতিবাদপত্ৰ দিছিল।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে শ্বাহৰ বক্তব্যক লৈ গভীৰ আপত্তি আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে কয়– ভাৰত চৰকাৰে তেওঁলোকৰ নেতাসকলক এনে ‘আপত্তিজনক আৰু অগ্ৰহণযোগ্য’ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা উচিত। উল্লেখ্য যে চলিত বছৰৰ শেষৰ ফালে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

২০ ছেপ্টেম্বৰত ঝাৰখণ্ডত এক নিৰ্বাচনী জনসভাৰ সময়ত অমিত শ্বাহে কৈছিল, “ঝাৰখণ্ড চৰকাৰ এবাৰ সলনি কৰক। মই আপোনাক প্ৰতিশ্ৰুতি দিছো যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰহিংগীয়া আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক ঝাৰখণ্ডৰ পৰা বাহিৰলৈ পঠোৱাৰ কাম কৰিব। তেওঁলোকে আমাৰ সভ্যতাক ধ্বংস কৰি আছে। তেওঁলোকে আমাৰ সম্পত্তি দখল কৰি আছে। তেওঁলোকে আমাৰ নিযুক্তি লুণ্ঠন কৰিবলৈও কাম কৰে। ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীৰ কোনো স্থান নাই, কেৱল বিজেপি চৰকাৰেহে এনে কৰিব পাৰে।”

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *