লণ্ডনৰ জিন মাষ্টাৰ্ছত স্বৰ্ণ পদকেৰে উজলিল চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিন

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত জন্মগ্ৰহণ কৰা চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিনে জুলাই মাহত লণ্ডনত অনুষ্ঠিত জিন মাষ্টাৰ্ছ প্ৰতিযোগিতাত সন্মানীয় স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। স্পিৰিটছ উদ্যোগৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান জিন মাষ্টাৰ্ছে বিভিন্ন মূল্য আৰু ষ্টাইল অনুসৰি জিনসমূহ বিশেষভাৱে মূল্যায়ন কৰে। স্বৰ্ণ জয়ে সামগ্ৰীৰ ব্যতিক্ৰমী মানদণ্ড আৰু কাৰুশিল্পক স্বীকৃতি দিয়ে, যাৰ লগে লগে চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিনক বিশ্ব বজাৰৰ অভিজাত সকলৰ মাজত স্থান প্ৰদান কৰিলে।


এই সাফল্যৰ পিছতে চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিনক বিশ্বৰ প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড দ্য বটানিষ্ট আইলে ড্ৰাই জিন, টেংকুৱেৰে লণ্ডন ড্ৰাই জিন আৰু কি ন’ বাই কিয়’ট’ ড্ৰাই জিনৰ একে শাৰীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিনৰ সুকীয়া আমেজ, বহনক্ষম পদ্ধতি আৰু অনন্য বটলিঙে গ্লবেল ষ্টেজলৈ আগুৱাই লৈ গৈছে।


“মুকলিৰ ১০ মাহৰ ভিতৰতে বহুপ্ৰতীক্ষিত গ্লবেল এৱাৰ্ড লাভ কৰি আমি অতিশয় আনন্দিত। এই ব্ৰেণ্ডটোৱে আৰু উত্তৰ-পূৰ্বাঞ্চলক গোলকীয় পৰ্যায়লৈ লৈ যোৱা দিশটোৱে আমাক যথেষ্ট গৰ্বিত কৰিছে,” এইদৰে কয় চেৰাপুঞ্জী জিনৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক ময়ুখ হাজৰিকাই।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *