পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীত নিৰাশা জনক আৰম্ভণি অসমৰ

87

গুৱাহাটীত চলি থকা দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত আয়োজক অসমে নিৰাশাজনক আৰম্ভণি কৰিছে৷ অসমৰ ল’ৰাৰ দলে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন গ্ৰুপ মেচত ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ বিপৰীতে অসমৰ ছোৱালী দলটোক ঝাৰখণ্ডে ১৭-০ গলত পৰাস্ত কৰে ৷

হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছে৷

আবেলি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই৷ অনুষ্ঠানত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসসহ অন্য ছয় ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে৷