বলিষ্ঠ সম্প্ৰসাৰণ পৰিকল্পনাৰে ভাৰতৰ বজাৰ দখলৰ লক্ষ্য হাইচেঞ্চৰ

135

গ্ৰাহক ইলেক্ট্ৰনিকছ আৰু সঁজুলিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান হাইচেন্সে বিশেষভাৱে পূব ভাৰতত নিজৰ বজাৰৰ উপস্থিতি বৃদ্ধিৰ এক অভিলাষী কৌশল মুকলি কৰিছে। কোম্পানীটোৱে ব্যাপক চেনেল সম্প্ৰসাৰণ আৰু টেলিভিছন আৰু এয়াৰ কণ্ডিচনাৰকে ধৰি উদ্ভাৱনীমূলক প্ৰডাক্ট অফাৰৰ জৰিয়তে নিজৰ স্থিতি অধিক সুদৃঢ় কৰাৰ লক্ষ্য লৈছে।হাইচেঞ্চে প্ৰতিযোগিতামূলক মূল্যত অত্যাধুনিক প্ৰযুক্তিৰ গ্ৰাহকৰ প্ৰৱেশ বৃদ্ধিৰ বাবে মূল খুচুৰা আৰু বিতৰণ অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰাৰ পৰিকল্পনা কৰিছে। এই কৌশলগত পদ্ধতিয়ে পূব ভাৰতত যথেষ্ট বৃদ্ধিৰ সুযোগসমূহ অন্বেষণ কৰাৰ লগতে গ্ৰাহকৰ মাজত নিজকে পছন্দৰ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে হাইচেঞ্চৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।

হাইচেঞ্চ ইণ্ডিয়াৰ চিইঅ’ পংকজ ৰাণাই এই বিষয়ে কয় যে, “আমি উল্লেখযোগ্য বজাৰ অংশীদাৰিত্ব দখলৰ লক্ষ্যৰে অভিলাষী চেনেল সম্প্ৰসাৰণ পৰিকল্পনাৰে ভাৰতত আমাৰ উপস্থিতি কৌশলগতভাৱে সম্প্ৰসাৰণ কৰিছোঁ। আমি ১,০০০ৰো অধিক প্ৰডাক্ট এক্সপিৰিয়েঞ্চ জ’ন স্থাপন কৰি আৰু শীৰ্ষ বিতৰক তথা খুচুৰা বিক্ৰেতাসকলৰ সৈতে অংশীদাৰিত্ব কৰি গ্ৰাহকসকলক আমাৰ প্ৰিমিয়াম প্ৰডাক্ট আৰু উন্নত বৈশিষ্ট্যসমূহৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদানৰ লক্ষ্য ৰাখিছোঁ।”উদ্ভাৱন আৰু গুণগত মানৰ বাবে বিশ্বজুৰি পৰিচিত হাইচেঞ্চে ২০২৩ত বিশ্বব্যাপী টিভি শ্বিপমেণ্টত দ্বিতীয় স্থান আৰু ১০০ ইঞ্চিৰ টিভি শ্বিপমেণ্টত আগস্থান দখল কৰি উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে বুলি অ’এমডিএৰ বিশ্বব্যাপী টিভি প্ৰতিবেদনত প্ৰকাশ পাইছে। কৌশলগত ক্ৰীড়া অংশীদাৰিত্বৰ জৰিয়তে কোম্পানীটোৱে উৎকৃষ্টতাৰ ওপৰত গুৰুত্ব কৰি শক্তিশালী কৰি তুলিছে  য’ত শেহতীয়াকৈ উৱেফা ইউৰো ২০২৪ প্ৰতিযোগিতাৰ অফিচিয়েল পাৰ্টনাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

উদ্ভাৱন আৰু উপভোক্তাৰ সন্তুষ্টিৰ প্ৰতি প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিয়ে ভাৰতীয় বজাৰত আধিপত্য বিস্তাৰ কৰাৰ আকাংক্ষাক সূচায়, হাইচেঞ্চৰ শক্তিশালী ব্ৰেণ্ড খ্যাতি আৰু সামগ্ৰীৰ উৎকৰ্ষতাই গ্ৰাহকক বিশেষভাৱে লাভান্বিত কৰে। নিজৰ খুচুৰা নেটৱৰ্ক সম্প্ৰসাৰিত কৰা আৰু গ্ৰাহকৰ ব্যস্ততা বৃদ্ধিৰ ওপৰত এক সমৰ্পিত গুৰুত্ব প্ৰদান কৰি হাইচেঞ্চে ভাৰতত উপভোক্তা ইলেক্ট্ৰনিকছক ন ৰূপত সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে। গুৱাহাটীলৈ হাইচেঞ্চৰ সম্প্ৰসাৰণে প্ৰিমিয়াম উপভোক্তা ইলেক্ট্ৰনিকছৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ বাবে প্ৰযুক্তিগতভাৱে উন্নত সামগ্ৰীৰ এক বিস্তৃত পৰিসৰ প্ৰৱৰ্তন কৰিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে কেৱল উপভোক্তাৰ পছন্দসমূহ পূৰণ কৰাই নহয় লগতে চহৰখনৰ বিকশিত খুচুৰা দৃশ্যপটতো বিশেষ অৰিহণা যোগাব।