তুৰ্কী এয়াৰলাইনছ “সবাতোকৈ বহনক্ষম ফ্লেগ কেৰিয়াৰ এয়াৰলাইন” হিচাপে স্বীকৃতি

148

তুৰ্কীৰ ৰাষ্ট্ৰীয় পতাকা বাহক বিমান প্ৰতিষ্ঠান তুৰ্কী এয়াৰলাইনছে নিজৰ অগ্ৰণী বহনক্ষমতা পদক্ষেপৰ জৰিয়তে বিমান পৰিবহণ খণ্ডত নতুন স্বাক্ষৰ দাঙি ধৰিছে। পুনৰবাৰ তুৰ্কী এয়াৰলাইনছক ৱৰ্ল্ড ফাইনেঞ্চৰ দ্বাৰা “মষ্ট ছাচটেইনেবল ফ্লেক কৰিয়েৰ এয়াৰলাইন” বঁটাৰে সন্মানিত কৰা হৈছে, এই ঐতিহ্যমণ্ডিত বঁটাৰে একেৰাহে তৃতীয় বছৰৰ বাবে বিভূষিত হৈছে তুৰ্কী এয়াৰলাইনছ।

তুৰ্কী এয়াৰলাইনছে জলবায়ু সংকটে বিমান উদ্যোগৰ বাবে সৃষ্টি কৰা তীব্ৰ প্ৰত্যাহ্বানৰ মাজতে যাত্ৰীসকলক নিজৰ স্বেচ্ছামূলক কাৰ্বন অফছেট প্লেটফৰ্ম চিঅ’২ মিছন, বহনক্ষম বিমান ইন্ধন (এছএএফ), বহনক্ষম বিমানৰ ভিতৰত সামগ্ৰী, আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতি আৰু বহনক্ষম ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিছে। এই বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰি তুৰ্কী এয়াৰলাইনছৰ ব’ৰ্ড আৰু কাৰ্যবাহী সমিতিৰ অধ্যক্ষ অধ্যাপক আহমেদ বোলাতে কয় যে, “আমি আমাৰ এছএএফ চালিত নেটৱৰ্কত নতুন পথ সংযোজনৰ প্ৰয়াস অব্যাহত ৰাখিম আৰু আমাৰ সমগ্ৰ কাৰ্য-কলাপৰ সময়ছোৱাত বহনক্ষম পদ্ধতিৰ প্ৰতি আমাৰ দায়বদ্ধতা অব্যাহত থাকিব।”

তুৰ্কী এয়াৰলাইনছে বহনক্ষমতা আৰু পৰিৱেশ পৰিচালনাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি একেৰাহে তৃতীয় বছৰৰ বাবে সৰ্বাধিক বহনক্ষম ফ্লেগ কেৰিয়াৰ এয়াৰলাইন বঁটাৰে স্বীকৃত হৈছে। ডিজিটেলাইজেচনৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ তিনিটা বিমান সংস্থাৰ ভিতৰত অন্যতম হোৱাৰ লক্ষ্য ৰাখিছে আৰু ২০৫০ৰ ভিতৰত কাৰ্বন-নিৰপেক্ষ বিমান সংস্থা হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য ৰাখিছে তুৰ্কী এয়াৰলাইনছে। ২০২২ত জলবায়ু পৰিৱৰ্তন প্ৰশমন পৰিকল্পনাত বহনক্ষম বিমান ইন্ধন (এছ এ এফ) অন্তৰ্ভুক্ত কৰিছিল, ইয়াৰ ব্যৱহাৰ ২০২৩ চনৰ পৰা নতুন নতুন পথলৈ সম্প্ৰসাৰিত কৰিছে।