ব্ৰিটেইনৰ নিৰ্বাচনত কাইৰ ষ্টাৰমাৰৰ লেবাৰ পাৰ্টিৰ সংখ্যাগৰিষ্ঠতা লাভ

71

ব্ৰিটেইনত লেবাৰ পাৰ্টি ১৪ বছৰৰ পিছত পুনৰ ক্ষমতালৈ উভতি আহিছে। লেবাৰ পাৰ্টিয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৩২৬ খন আসন অতিক্ৰম কৰিছে।কাইৰ ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টিয়ে ১৯৯৭ চনত লাভ কৰা বৃহৎ জয় পুনৰ এবাৰ লাভ কৰিছে। লেবাৰ পাৰ্টিয়ে ৪০৯ খন আসন লাভ কৰিছে, আনহাতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ কনজাৰ্ভেটিভ পাৰ্টিয়ে ১১৩খনহে আসন লাভ কৰিছে। লেবাৰ পাৰ্টিৰ কাইৰ ষ্টাৰমাৰ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে। ষ্টাৰমাৰ ২০২০ চনত জেৰেমি কৰ্বিনৰ ঠাইত লেবাৰ পাৰ্টিৰ নতুন নেতা হিচাপে নিৰ্বাচিত হৈছিল। এগজিট প’ল অনুসৰি, লেবাৰ পাৰ্টিয়ে ব্ৰিটেইনৰ মুঠ ৬৫০ খন আসনৰ ভিতৰত ৪১০খন আসন লাভ কৰিব, আনহাতে কনজাৰ্ভেটিভ পাৰ্টি ১৩১ খন আসনতে সীমাবদ্ধ হ’ব। যদি কনজাৰ্ভেটিভ পাৰ্টি ১৩১খন আসনতে সীমাবদ্ধ হয়, তেন্তে এইটো তেওঁলোকৰ এতিয়ালৈকে আটাইতকৈ বৃহৎ পৰাজয় হ’ব।