ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি

34

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ২৮খন জিলাৰ ২২০৮খন গাঁও বানৰ কবলত পৰিছে। ১১,৩৪,৪৪৬জন লোক আক্ৰান্ত হৈছে বানত। বানত দিক-বিদিক হেৰুৱাই আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে বানাক্ৰান্ত লোকসকলে। ৪৮৯টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে ১৮,৪৫৯জন লোকে। আশ্ৰয় শিবিৰত থকা লোকসকলৰ ভিতৰত ৭,৮১৬জন পুৰুষ আৰু ৬,৫১৩গৰাকী মহিলা। আশ্ৰয় শিবিৰত আছে ৪,০৪০টা শিশু। ৰাজ্যত বাঢ়নী পানী ৩৮জন লোকৰ সলিল সমাধি ঘটিছে।