‘পিনাক’ৰ সহযোগত বৰপেটাত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ প্ৰস্তুতি

101

পিনাক’ অপেছাদাৰী নাট্য গোষ্ঠীৰ বৰপেটাৰ নাট্য ক্ষেত্ৰৰ বাবে এক বলিষ্ঠ নাম । শিশু নাট্য জগতত ‘পিনাক’ৰ অৰিহণা চকুতলগা । শিশু নাট কৰ্মশালা, শিশু নাট প্ৰতিযোগিতা, শিশু নাট প্ৰদৰ্শনৰ উপৰিও নাট্য সংগঠনটোৰ উদ্যোগত বহু কেইখন বিখ্যাত নাটৰ প্ৰদৰ্শন সকলোৱে  প্ৰত্যক্ষ কৰিছে।এদল সুশৃংখল আৰু সুনিপুণ নাট্য কৰ্মীৰ উপৰিও আগ্ৰহী নাট্য সংগঠক ‘পিনাক’ৰ ভিতৰ চ’ৰাত মজুত আছে । মুঠতে ‘পিনাক’ বৰপেটাৰ নাট্য ক্ষেত্ৰৰ এটা উজ্জ্বল নক্ষত্ৰ । মুঠ কথা, ‘পিনাক’ৰ নাট্য যাত্ৰা অবিৰত অব্যাহত আছে ।

অসম চৰকাৰৰ উদ্যোগত তথা ‘পিনাক’, বৰপেটাৰ সহযোগত অহা ১৭ জুলাইৰ পৰা ৩১ জুলাইলৈকে বৰপেটাত গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হ’ব । স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এই নাট কৰ্মশালাত চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ পৰ্যন্ত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি ‘পিনাক’ৰ তৰফৰ পৰা জানিব পৰা গৈছে । নাট কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে অহা ১০ জুলাই নাইবা তাৰ পূৰ্বে যোগদান নিশ্চিত কৰিব লাগিব বুলি কোৱা হৈছে ।

উল্লেখযোগ্য যে উক্ত নাট কৰ্মশালাত সফলতাৰে অংশগ্ৰহণ সম্পন্ন কৰা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীকে অসম চৰকাৰৰ তৰফৰ পৰা অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ দিয়া হ’ব । ইচ্ছুক অংশগ্ৰহণকাৰী সকলে বৰপেটাস্থ বৰববজাৰৰ অময়ন্তী ষ্টোৰ্চৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰি লৈ সেই প্ৰ পত্ৰ পূৰণ কৰি উক্ত স্থানতে জমা দিব পাৰিব বুলি আয়োজক সকলে জনাইছে।লক্ষনীয়ভাৱে আসন সীমিত,সেয়ে ছাত্ৰ ছাত্ৰী সকলে পলম নকৰি অতি শীঘ্ৰে যাৱতীয় যোগাযোগ কৰিবলৈ আয়োজকে অনুৰোধ জনাইছে ।