আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম আজাদ

72

কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম আজাদ সম্প্ৰতি সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে। জানিব পৰা মতে আৰক্ষীৰ ভয়ত দীৰ্ঘদিন ধৰি চতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম আজাদে নিজক আত্মগোপন কৰি আছিল।

গোপন সূত্ৰৰ পমখেদি সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ নিৰ্দেশত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল বৰ্মনে চতলা চ’কৰ পৰা ড্ৰাগছ মাফিয়া আবুল কালাম আজাদক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে সৰ্থেবাৰী আৰক্ষী থানাত ৰুজু হোৱা ৬৩/২৪ নম্বৰ গোচৰ আৰু এনডিপিএচ আইনৰ ২২(চি)/২৯ ধাৰাৰ অধীনত সৰ্থেবাৰী আৰক্ষীয়ে আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰিছে।

বিগত ১৩ মে’ত ধৃত আবুল কালাম আজাদৰ চতলাৰ বাসগৃহত সৰ্থেবাৰী আৰক্ষীয়ে অভিযান চলাই তেওঁৰ বাসগৃহৰ পৰা কাৰ্যবাহী দণ্ডাধীশ ডঃ পৱন কুমাৰ উপাধ্যায়ৰ উপস্থিতিত ২২৮ টা পেকেটত থকা মুঠ ৩২,৮৩২ টা নিচাজাতীয় টেবলেট জব্দ কৰিছিল যদিও আৰক্ষীৰ চকুত ধূলি মাৰি কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম আজাদে পলায়ন কৰিছিল।