ইন্দোৰ তৈলপাম সন্মিলনত বহনক্ষম বৃদ্ধিৰ পথ প্ৰদৰ্শন কৰিলে গড্ৰেজ এগ্ৰ’ভেটে

94

মধ্য প্ৰদেশৰ ৰাজধানী চহৰ ইন্দোৰত অনুষ্ঠিত “পাম অইল – ট্ৰেন্সফৰ্মিং পাৰ্চেপচনছ ফৰ হেল্থ এণ্ড নিউট্ৰিচন” সন্মিলনত ভাৰতৰ তৈলপাম সংসাধন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে বহনক্ষমতাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। ছলিডাৰিডাড, এছিয়ান পাম অইল এলায়েন্স আৰু এছইএৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ভাৰতৰ খাদ্য তেলৰ দৃশ্যপটত তৈলপামৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়। আগশাৰীৰ

পুষ্টিবিদ, বিজ্ঞানী, চিকিৎসা পেছাদাৰী আৰু আদানি-উইলমাৰৰ দৰে উদ্যোগৰ নেতৃত্ববাহী প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে তৈলপামৰ পুষ্টিকৰ গুণ আৰু উপকাৰিতাৰ বিষয়ে অন্বেষণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ ভিতৰত হৃদযন্ত্ৰ আৰু মগজুৰ স্বাস্থ্য বৃদ্ধি কৰাৰ সম্ভাৱনা, এণ্টিঅক্সিডেণ্ট গুণাগুণ আৰু চকুৰ স্বাস্থ্যৰ প্ৰতি উপযোগিতা ইত্যাদি। ভাৰতৰ মুঠ খাদ্য তেলৰ ৩৮%তকৈ অধিক পাম তেলে বহন কৰাৰ লগে লগে বৰ্ধিত ঘৰুৱা চাহিদা পূৰণৰ বাবে খেতিৰ পৰিমাণ সম্প্ৰসাৰণৰ ওপৰতো আলোচনা কৰা হৈছিল। ২০২৫-২৬ চনৰ ভিতৰত অপৰিশোধিত তৈলপামৰ উৎপাদন ১১২ লাখ টন আৰু ২০২৯-৩০ চনৰ ভিতৰত ২৮ লাখ টনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০২৫-২৬ৰ ভিতৰত ভাৰতৰ তৈলপাম খেতি নতুনকৈ ৬ লাখ হেক্টৰ বৃদ্ধি কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰা হয়। এই পদক্ষেপে খাদ্য তেলৰ আমদানি হ্ৰাস কৰা আৰু স্বাৱলম্বী হৈ লাভ আদায়ৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাষ্ট্ৰীয় খাদ্য তেল অভিযান –তৈল পামৰ সৈতে সংগতি ৰাখে।

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ তৈল পাম ব্যৱসায় বিভাগৰ চিইঅ’ সৌগাতা নিয়োগীয়ে এই বিষয়ত জোৰ দি কয় যে, “তৈলপামৰ অধিক উৎপাদন সম্ভাৱনা আৰু নূন্যতম পানীৰ প্ৰয়োজনীয়তাই ইয়াক এক বহনক্ষম বিকল্প কৰি তুলিছে, যাৰ ফলত কৃষকৰ দীৰ্ঘম্যাদী আয় নিশ্চিত হৈ পৰিব।”এছিয়ান পাম অইল এলায়েন্সৰ অধ্যক্ষ অতুল চতুৰ্বেদীয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু কৃষি বহনক্ষমতাৰ বাবে অতি গুৰুত্বপূৰ্ণ তৈলপাম সম্পৰ্কীয় ভ্ৰান্ত ধাৰণাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত আলোচনা চক্ৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতত অধিক জ্ঞাত-সজাগ আৰু বহনক্ষম তৈলপাম খণ্ডৰ বাবে এখন প্লেটফৰ্ম তৈয়াৰ কৰি বহনক্ষম পদ্ধতিৰ প্ৰতি নৱীকৃত প্ৰতিশ্ৰুতিৰে শীৰ্ষ সন্মিলনৰ সামৰণি পৰে। গুৱাহাটীত ৰাষ্ট্ৰীয় ট্রেণ্ডসমূহৰ সমান্তৰালভাৱে তৈলপামৰ বজাৰখনো সম্প্ৰসাৰিত হৈছে,  তৈলপামৰ পুষ্টিকৰ গুণ তথা খাদ্য আৰু অনা-খাদ্য উভয় উদ্যোগত বহুমুখী প্ৰয়োগৰ ফলত গ্ৰহণযোগ্যতা আৰু অধিক বৃদ্ধি পাইছে।