স্কিল ইণ্ডিয়াই অৰ্জন কৰিছে মাইলৰ খুঁটি : আন্তৰ্জাতিক যোগ দিৱসত স্বীকৃতি প্ৰদান কৰিলে ১.৩৫ লাখ যোগ প্ৰশিক্ষকক

126

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জীৱন্ত উদযাপন ৰূপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে নিজৰ অংশীদাৰ সংগঠনসমূহৰ সহযোগত নতুন দিল্লীৰ কৌশল ভৱনত পুৱা যোগ শিবিৰৰ আয়োজন কৰি উৎসাহী ব্যক্তিসকলক একত্ৰিত কৰিলে। “নিজৰ আৰু সমাজৰ বাবে যোগ” নামৰ এই অনুষ্ঠানটোৱে ব্যক্তিগত কল্যাণ আৰু সামাজিক সম্প্ৰীতিৰ ওপৰত যোগৰ গভীৰ প্ৰভাৱৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়।


দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে উল্লেখযোগ্য মাইলৰ খুঁটিৰ তথ্য প্ৰকাশ কৰিলে : স্কিল ইণ্ডিয়াই দেশজুৰি ১.৩৫ লাখৰো অধিক যোগ প্ৰশিক্ষকক সফলতাৰে প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰি স্বীকৃতি প্ৰদান কৰিছে। এই পদক্ষেপে সমগ্ৰ ভাৰততে সুস্থ জীৱন আৰু পেছাদাৰী যোগ প্ৰশিক্ষণৰ প্ৰসাৰৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰিছে। যোগ প্ৰশিক্ষকৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত ৩১,০১৮ জন প্ৰশিক্ষকৰ সৈতে সবাতোকৈ আগত আছে উত্তৰ প্ৰদেশ। ইয়াৰ পিছতে তামিলনাডুৰ ৩০,৯৫২ জন আৰু মহাৰাষ্ট্ৰৰ ২৬,৭৪৩ জন প্ৰশিক্ষকে স্বীকৃতি লাভ কৰিছে। সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ তালিকাত শীৰ্ষ স্থানত আছে পঞ্জাৱ, হাৰিয়ানা আৰু বিহাৰো।


দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক স্বাস্থ্যৱান আৰু সুসংগত ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ সৈতে যোগৰ সংগতিৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে। তেওঁ যোগ আৰু ফিটনেছ প্ৰশিক্ষণক সামৰি লোৱা এম এছ ডি ইৰ বিভিন্ন পাঠ্যক্ৰমৰ জনপ্ৰিয়তাৰ উল্লেখ কৰি স্বাস্থ্য আৰু সুস্থতা পেছাদাৰীৰ ক্ৰমবৰ্ধমান চাহিদাৰ কথা উল্লেখ কৰিছে। “নিজৰ আৰু সমাজৰ বাবে যোগ” বিষয়বস্তুৱে ব্যক্তিগত স্বাস্থ্য আৰু সমাজৰ ঐক্যৰ পোষকতা কৰি যোগৰ দ্বৈত উপকাৰিতাৰ দিশসমূহ সামৰি লৈছে। প্ৰতি বছৰে ২১ জুনত সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰাৰ লগে লগে এই প্ৰাচীন পৰম্পৰাই সামগ্ৰিক কল্যাণ আৰু আন্তঃসংযোগৰ প্ৰসাৰৰ বাবে বিশ্বজুৰি স্বীকৃতি লাভ কৰি আহিছে।