চেমচাং আৰু পেটিএমৰ ভ্ৰমণ আৰু মনোৰঞ্জন সেৱাসমূহ একত্ৰিত কৰিবলৈ সহযোগিতা 

83

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে দেশৰ আগশাৰীৰ পেমেণ্ট আৰু বিত্তীয় সেৱা বিতৰণ প্ৰতিষ্ঠান পেটিএম ব্ৰেণ্ডৰ মালিক ৱান৯৭ কমিউনিকেচন লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে চেমচাং ৱালেটত বিমান, বাছ, চিনেমা আৰু ইভেণ্টৰ টিকট বুকিং মুকলি কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে চেমচাং ৱালেটৰ জৰিয়তে পোনপটীয়াকৈ এক নিৰৱচ্ছিন্ন আৰু একত্ৰিত বুকিং অভিজ্ঞতা প্ৰদান কৰি গ্ৰাহকৰ সুবিধা বৃদ্ধি কৰা, যাতে পেটিএমৰ জৰিয়তে বহুতো সেৱা সহজে লাভ কৰাত সুবিধা হয়।

ভাৰতৰ আগশাৰীৰ ভ্ৰমণ আৰু ইভেণ্ট বুকিং এপ পেটিএমে চেমচাঙৰ সৈতে অংশীদাৰিত্ব কৰি নিজৰ সেৱা সম্প্ৰসাৰণ আৰু ব্যৱহাৰকাৰীসকলৰ সুবিধা বৃদ্ধি কৰিছে। চেমচাং ইণ্ডিয়া আৰু পেটিএমে অংশীদাৰিত্বৰে গেলেক্সি স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক পেটিএমৰ সেৱাসমূহৰ নিৰৱচ্ছিন্ন ব্যৱহাৰৰ সুযোগ প্ৰদান কৰিছে, য’ত বিমান টিকট, বাছৰ বুকিং, চিনেমাৰ টিকট ক্ৰয় আৰু ইভেণ্ট বা অনুষ্ঠানৰ বুকিং আদি সুবিধাসমূহ আছে, এই সকলোবোৰ বিকল্প চেমচাং ৱালেটৰ ভিতৰত সংযুক্ত।

ব্যৱহাৰকাৰীসকলে ‘এড টু চেমচাং ৱালেট’ কাৰ্যকৰী কৰি পোনপটীয়াকৈ টিকট এড কৰিব পাৰে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে বিমানবন্দৰ, বাছ টাৰ্মিনেল, চিনেমা হল আৰু ইভেণ্ট ভেন্যুত সুবিধাজনকভাৱে প্ৰৱেশ কৰিব পাৰে। অচিৰে চেমচাং ইণ্ডিয়া আৰু পেটিএমে নতুনকৈ মুকলি কৰা সেৱাসমূহৰ ভিতৰত প্ৰথম বুকিঙত ১১৫০ টকা পৰ্যন্ত ৰেহাইৰ অফাৰ আগবঢ়াব। চেমচাং ইণ্ডিয়াৰ এমএক্স বিজনেছৰ জ্যেষ্ঠ সঞ্চালক মধুৰ চতুৰ্বেদীয়ে এই বিষয়ে কয় যে, “চেমচাং ৱালেট হৈছে ভাৰতৰ জনপ্ৰিয় মোবাইল টেপ এণ্ড পে সমাধান, ২০১৭ চনত মুকলি কৰাৰ পিছৰে পৰা গ্ৰাহকৰ সুবিধাৰ বাবে প্ৰতিনিয়ত অগ্ৰগতি কৰি থকা হৈছে। পেটিএমৰ সহযোগত চেমচাং ৱালেটত নতুন নতুন বৈশিষ্ট্য মুকলি কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ।”