টাটা মটৰ্ছে মেজিক বাই-ফুৱেল মুকলি কৰে, অন্তিম মাইল পৰিবহনত বৈপ্লৱিক পৰিৱৰ্তন আনিছে

110

উত্তৰ প্ৰদেশৰ ব্যস্ত ৰাজপথৰ পৰা কেৰালাৰ বৈচিত্ৰ্যময় অঞ্চললৈ টাটা মেজিকে শেষ মাইল যাত্ৰাত সমগ্ৰ দেশৰ লাখ লাখ যাত্ৰীক সফলতাৰে পৰিবহনৰ সুবিধা প্ৰদান কৰিছে। এই পৰিবহন অভিজ্ঞতাক আৰু অধিক বৃদ্ধি কৰিবলৈ কোম্পানীটোৱে শেহতীয়াকৈ টাটা মেজিকে মুকলি কৰিছে বাই-ফুৱেল। মূল্য সংযোজিত সুবিধাসমূহৰ সৈতে বিশ্বাসযোগ্য পৰিৱেশনক নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰণ কৰি এই বাহনখনে চালক আৰু যাত্ৰী উভয়ৰে বিকশিত প্ৰয়োজন আৰু পছন্দসমূহ পূৰণ কৰিব। শেহতীয়াকৈ মুকলি কৰা টাটা মেজিক বাই-ফুৱেলক যাত্ৰী আৰু চালকৰ বাবে একেধৰণে আদৰ্শ পছন্দ কৰি তোলাৰ ৫টা কাৰণ তলত উল্লেখ কৰা হৈছে। উদ্ভাৱনীমূলক আইচিএনজি প্ৰযুক্তি: টাটা মটৰ্ছৰ মেজিক বাই-ফুৱেল উন্নত আইচিএনজি প্ৰযুক্তিৰে সজ্জিত, যিয়ে চিএনজি আৰু পেট্ৰ’লৰ মাজত নিৰৱচ্ছিন্ন চুইটচ(সালসলনি) নিশ্চিত কৰে। ইয়াৰ ফলত সময় ৰাহি হোৱাই নহয়, লগতে গাড়ীখন ষ্টাৰ্ট কৰাৰ সময়ত ইন্ধনৰ ব্যৱহাৰো হ্ৰাস পায়, যাৰ ফলত অধিক খৰচ হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও বাহনখন ডিফল্টভাৱে চিএনজি মোডত আৰম্ভ হয়, যিয়ে ইন্ধনৰ কাৰ্যক্ষমতা আৰু অধিক বৃদ্ধি কৰে।

অতুলনীয় ৰেঞ্জৰ সৈতে হাই ফুৱেল কাৰ্যক্ষমতা : টাটা মেজিক বাই-ফুৱেলে ৫ লিটাৰৰ পেট্ৰ’ল টেংকৰ সৈতে ৬০ লিটাৰৰ চিএনজি টেংকৰ সংমিশ্ৰণেৰে এবাৰ তেল ভৰালে প্ৰায় ৩০০ কিলোমিটাৰপৰ্যন্ত ৰেঞ্জ প্ৰদান কৰে। এই দ্বৈত ইন্ধন ব্যৱস্থাৰ ফলত পেট্ৰল ব্যৱহাৰত নমনীয়তা আৰু বৰ্ধিত পৰিসৰ প্ৰদানৰ লগতে চিএনজিৰ খৰচ হ্ৰাস বা সুবিধা উপভোগ কৰাটো নিশ্চিত কৰে, লগে লগে ইন্ধন কাৰ্যক্ষমতাৰ উদ্বেগসমূহ নোহোৱা হয় আৰু ইয়াক দীঘলীয়া পথ আৰু বিভিন্ন অঞ্চলত যাতায়াতৰ বাবে আদৰ্শ কৰি তোলে। কম খৰচতে মালিকীস্বত্ব : টাটা মটৰ্ছে নিজৰ ছেগমেণ্টত সৰ্বাধিক ৯+ডি আসন ক্ষমতা আৰু ৰেডিয়েল টায়াৰ, গিয়েৰশ্বিফ্ট এডভাইজৰ আৰু উন্নত ড্ৰাইভাৰ এৰ্গনমিক্সকে ধৰি আকৰ্ষণীয় বৈশিষ্ট্যৰ সৈতে টাটা মেজিক বাই-ফুৱেলে ইন্ধনৰ ব্যৱহাৰ অনুকূল কৰি তুলিছে, যাৰ ফলত কাৰ্যকৰী খৰচ হ্ৰাস পায়। উন্নত চালকৰ সুৰক্ষা সুবিধাসমূহেও অধিক আৰামদায়ক আৰু কাৰ্যক্ষম ড্ৰাইভিং অভিজ্ঞতাত অৰিহণা যোগায়, পৰিশেষত বাহনখনৰ জীৱনচক্ৰৰ ভিতৰত চোৱা-চিতা আৰু পৰিচালনাৰ খৰচ হ্ৰাস কৰাত সহায় কৰে। উন্নত সুৰক্ষা আৰু আৰাম : যাত্ৰী আৰু চালকৰ বাবে সুৰক্ষা আৰু আৰাম হৈছে টাটা মেজিক বাই-ফুৱেলৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। ৩-পইণ্ট ইএলআৰ ছীট বেল্ট, তিনিটা জৰুৰীকালীন বুটাম, উচ্চ মানদণ্ডৰ আমদানিকৃত চিএনজি উপাদান আৰু সৰ্বাধিক বৈশিষ্ট্যৰ সৈতে নিজৰ ছেগমেণ্টত বিশাল আভ্যন্তৰীণ অংশই সকলোৰে বাবে এক নিৰাপদ আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰে। শিক্ষাৰ্থীক অনা-নিয়াৰ বাবেই হওক, কৰ্মচাৰীৰ যাতায়তৰ বাবেই হওক, বা শেষ মাইলৰ গতিশীল পৰিবহনৰ বাবেই হওক, টাটা মেজিক বাই-ফুৱেলে নিৰ্ভৰযোগ্যতা আৰু মানসিক শান্তি প্ৰদান কৰে।

ব্যতিক্ৰমী ৱাৰেণ্টী আৰু নিৰ্ভৰযোগ্যতা : টাটা মটৰ্ছে টাটা মেজিক বাই-ফুৱেলৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিছে, য’ত আছে ২ বছৰৰ বিশেষ ৱাৰেণ্টী অথবা ৭২,০০০ কিলোমিটাৰ। এই নিশ্চয়তাৰ লগতে টাটা মটৰ্ছে নিৰ্ভৰযোগ্য আৰু অত্যাধুনিক প্ৰযুক্তি সংযুক্ত কৰি বাহন প্ৰদানৰ প্ৰতিশ্ৰুতিয়ে বাহনৰ মালিক আৰু ব্যক্তিগত অপাৰেটৰৰ বাবেই মানসিক শান্তি নিশ্চিত কৰে। টাটা মেজিক বাই-ফুৱেলক আদৰি লোৱাটোৱে এনে এখন বাহন নিশ্চিত কৰে, যিয়ে দক্ষতা, নিৰ্ভৰযোগ্যতা আৰু আৰাম প্ৰদান কৰে। আপুনি লাগিলে এখন বাহনৰ মালিকে হওক বা ব্যক্তিগত অপাৰেটৰ হওক অথাবা যাত্ৰীয়ে হওক, বাহনখন আপোনাৰ পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণ আৰু যাত্ৰা অতিক্ৰম কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে, যিয়ে নিৰাপদ আৰু আনন্দদায়ক যাত্ৰা প্ৰদান কৰে।