নগৰবেৰা-বদলা-ৰাঙাপানী সংযোগী পকী পথ জলমগ্ন

40

কিয়নো নগৰবেৰা-সোনতলী সংযোগী পথৰ বদলা ৰাঙাপানীত পুখুৰী সদৃশ গাত থকাৰ বাবেই এজাক বৰষুণ দিয়াৰ ফলতে পথচাৰী সকলে বিপদ সংকুল ভাৱে অহা যোৱা কৰিব লগীয়া হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলক আশ্চৰ্যাম্ভিত কৰি তুলিছে।

বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে পথটিৰে অহাযোৱা কৰা পথচাৰী সকলে সুদীৰ্ঘ দিন ধৰি প্ৰায় এআঠু,কলাফুল তিয়াইহে পথটিৰে অহা যোৱা কৰিব লগীয়া হৈছে৷আনকি একেদৰে বিপজ্জনকভাৱে পানীৰেই পাৰাপাৰ হয় যান বাহনবোৰৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে নিতৌ এজাক বৰষুণতেই পানীৰে উপচি পৰা পথচোৱাৰে পাৰাপাৰ হ’ব লাগে।

বৰ্ষা ঋতুত প্ৰতিবাৰেই বদলা-ৰাঙাপানী অঞ্চলত এনে আহুকলীয়া পৰিবেশৰ সৃষ্টি হয়।পথচোৱা অতি দ’ হোৱা বাবেই এনে বিপৰ্যয়ৰ সৃষ্টি হয় বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।এই সন্ধৰ্ভত সংশ্লিষ্ট লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ লগতে স্হানীয় বিধায়িকা নন্দিতা দাসৰ ওপৰিও প্ৰাক্তন সাংসদক বাৰম্বাৰ অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও একাংশ ৰাইজে অভিযোগ কৰে৷