ভাৰতৰ বিশ্বব্যাপী পুতলা যোগান শৃংখলৰ সামৰ্থ বৃদ্ধিৰ বাবে ফ্লিপকাৰ্ট আৰু ডিপিআইআইটিৰ সহযোগিতা 

141

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰৰ ঠিকনা ফ্লিপকাৰ্টে ভাৰতক “টয় এক্সপ’ৰ্ট হাব” হিচাপে স্থান দিয়াৰ এজেণ্ডাক আৰু এখোজ আগুৱাই নিয়াৰ প্ৰয়াসেৰে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ(ডিপিআইআইটি)ৰ সহযোগত বিশ্বব্যাপী পুতলা যোগান শৃংখলৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে এখন কৰ্মশালাৰ আয়োজন কৰে। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰা উদ্ভাৱনীমূলক আৰু উচ্চ মানদণ্ডৰ পুতলা প্ৰস্তুত কৰাৰ বাবে ঘৰুৱা নিৰ্মাতাসকলক দক্ষতা বৃদ্ধি আৰু পুনৰ দক্ষতা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় এই কৰ্মশালাত।

এই কৰ্মশালাত ৰাজেশ কুমাৰ সিং, সচিব, (ডিপিআইআইটি); সঞ্জীৱ, যুটীয়া সচিব, ডিপিআইআইটি; মহম্মদ ইছাৰ আলী, সঞ্চালক, ডিপিআইআইটি ; ৰাজনীশ কুমাৰ, মুখ্য কৰ্পৰেট পৰিক্ৰমা বিষয়া, ফ্লিপকাৰ্ট আৰু ফ্লিপকাৰ্টৰ এফএমচিজি আৰু জেনেৰেল মাৰ্চেণ্ডাইজৰ মুৰব্বী মঞ্জৰী সিংঘালে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। সমগ্ৰ ভাৰতৰ শ শ পুতলা প্ৰস্তুতকৰ্তাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে, য’ত ফ্লিপকাৰ্টৰ সৈতে তথ্যসমৃদ্ধ আৰু বিশেষজ্ঞৰ উপস্থিতিত আলোচনা কৰা হৈছিল, য’ত গুণগত মানৰ উন্নতি, উদ্ভাৱন আৰু উদ্যোগৰ মানদণ্ডৰ বিষয়ে আলোচনা কৰা হৈছিল।

এই কৰ্মশালাখনৰ লক্ষ্য আছিল ভাৰতীয় পুতলা প্ৰস্তুতকৰ্তাসকলক প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় সঁজুলি, জ্ঞান আৰু সম্পদেৰে সজ্জিত কৰা আৰু ব্যৱসায়সমূহ অনলাইনযোগ আগুৱাই নিয়াত সহায় কৰা। এই অনুষ্ঠানৰ সফলতাৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ(ডিপিআইইটি)ৰ সচিব ৰাজেশ কুমাৰ সিঙে কয়, “ভাৰতীয় পুতলা খণ্ডৰ সমৃদ্ধিৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে আমি সমৰ্পিত। ফ্লিপকাৰ্টৰ দৰে অভিজ্ঞ প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰি আমি ভাৰতক উচ্চ মানদণ্ডৰ পুতলা বা খেলনা সামগ্ৰীৰ অগ্ৰণী ৰপ্তানিকাৰী দেশ হিচাপে গঢ়ি তোলাৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ।” আনহাতে, ফ্লিপকাৰ্টৰ মুখ্য কৰ্পৰেট পৰিক্ৰমা বিষয়া ৰজনীশ কুমাৰে এই বিষয়ে কয় যে, “ভাৰতত পুতলা উদ্যোগক শক্তিশালী কৰাত সহায় কৰিবলৈ আৰু বিশ্বব্যাপী পুতলা উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে ভাৰতৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে বাণিজ্য মন্ত্ৰালয়ৰ ডিপিআইআইটিৰ প্ৰচেষ্টাক সমৰ্থন কৰিলৈ পাই আমি অতিশয় আনন্দিত।”