মধ্য আফ্ৰিকাৰ দেশ কংগোত ভয়ংকৰ নাও দুৰ্ঘটনা

34

মধ্য আফ্ৰিকাৰ দেশ কংগোত ভয়ংকৰ নাও দুৰ্ঘটনা। নাও ডুবি ৮৬জনকৈ লোকৰ মৃত্যু। কৱা নৈত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন নাৱৰ ইঞ্জিন বিকল হৈ খুন্দা মাৰে আন এখন নাৱত। ৰাজধানী কিঞ্চাচা অভিমুখে ৰাওনা হৈছিল নাও দুখন। নাও দুয়োখনত আছিল ২৭০ গৰাকী যাত্ৰী। ইয়াৰে ১৮৫ গৰাকী যাত্ৰী সাঁতুৰি পাৰত উঠিবলৈ সক্ষম হয়। কংগোৰ মাই-এনডম্বে প্ৰভিন্সত সংঘটিত হৈছে এই দুৰ্ঘটনা। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে কংগোৰ ৰাষ্ট্ৰপতিয়ে।