২০২৩-২৪ বৰ্ষৰ এছঅ’এফ অলিম্পিয়াড পৰীক্ষাত, গুৱাহাটীয়ে শীৰ্ষ স্থান লাভ কৰিছে

96

২০২৩-২৪ বৰ্ষৰ এছঅ’এফ অলিম্পিয়াড পৰীক্ষাত গুৱাহাটীৰ ৩গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ স্থান দখল কৰিছে। সংস্কৃতিদ্য গুৰুকুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ডেনিছ আখতাৰে ইণ্টাৰনেচনেল ইংলিছ অলিম্পিয়াডত প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক আৰু মেধাৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। ৰয়েল গ্ল’বেল স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী অনুষ্কা শইকীয়াইও আন্তঃৰাষ্ট্ৰীয় ইংৰাজী অলিম্পিয়াডত দ্বিতীয় স্থান দখল কৰি আন্তঃৰাষ্ট্ৰীয় ৰূপৰ পদক আৰু মেধাৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। মডাৰ্ন ইংলিছ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ দক্ষেশ কুণ্ডুৱেও ইণ্টাৰনেচনেল ইংলিছ অলিম্পিয়াডত তৃতীয় স্থান দখল কৰি আন্তঃৰাষ্ট্ৰীয় ব্ৰঞ্জৰ পদক আৰু মেধাৰ প্ৰমাণ পত্ৰ লাভ কৰিছে।

নতুন দিল্লীত বিজ্ঞান অলিম্পিয়াড ফাউণ্ডেচনে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বিজয়ী, শিক্ষক আৰু অধ্যক্ষসকলক সম্বৰ্ধনা জনাবলৈ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ৭টা ভিন্ন অলিম্পিয়াড পৰীক্ষাত অংশগ্ৰহণ কৰা প্ৰথমম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিশ্বৰ শীৰ্ষ তিনিগৰাকী ৰেংক হোল্ডাৰক সন্মানিত কৰা হয়। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ন্যায়াধীশ দীপক মিশ্ৰ, প্ৰখ্যাত লেখক আৰু চিত্ৰনাট্যকাৰ চেতন ভগতৰ দৰে বিশিষ্ট অতিথিসকলে এই অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ন্যায়াধীশ দীপক মিশ্ৰই দৃঢ়তাৰে কয় যে, ”যেতিয়াই প্ৰতিযোগিতাৰ সফলতাৰ কথা আহে তেতিয়া সকলোৱে অনুসৰণ কৰিবলৈ প্ৰয়াস কৰে, কিয়নো সকলোৱে সফল হ’বলৈ প্ৰতিযোগিতা কৰে। সফলতাই হৈছে প্ৰকৃত কৃতিত্ব।”

এই বছৰৰ এছঅ’এফ অলিম্পিয়াডত ৭০খন দেশৰ প্ৰায় লক্ষাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল, প্ৰতিযোগিতাখনত গুৱাহাটীৰে আছিল ৪৪,১০৩গৰাকী শিক্ষাৰ্থী। গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ হায়াৰ ছেকেণ্ডেৰী স্কুলকে ধৰি গুৱাহাটীৰ আগশাৰীৰ বিদ্যালয়সমূহে অংশগ্ৰহণকাৰীসকলৰ কৰিছিল।