লোকসভা নিৰ্বাচনত উত্তৰ পূবত ৭ খন আসন দখলৰে শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ

83

দেশৰ বাকী অংশৰ সৈতে সংগতি ৰাখি, কংগ্ৰেছে উত্তৰ-পূবৰ আঠখন ৰাজ্যত লোকসভা নিৰ্বাচনত উন্নত প্ৰদৰ্শন আগবঢ়ায়, যিবোৰত পূৰ্বে বিজেপি আৰু তেঁওলোকৰ মিত্ৰশক্তিৰ আধিপত্য আছিল। দেশৰ সবাতোকৈ পুৰণি দলটোৱে মণিপুৰত দুখন আসন দখল কৰে আৰু নাগালেণ্ড আৰু মেঘালয়ত এখনকৈ আসন দখল কৰে। য’ত পূৰ্বে বিজেপি আৰু তেঁওলোকৰ মিত্ৰশক্তিৰ দখলত আছিল। আনহাতে, অসমত তিনিখন আসন লাভ কৰে। ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ দৰে ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত দুখনকৈ আসন দখল কৰাৰ উপৰিও বিজেপিয়ে অসমত নখন আসন লাভ কৰিছে। বৰ্তমান, বিজেপিয়ে মণিপুৰৰ সৈতে এই তিনিওখন ৰাজ্যৰ চৰকাৰৰ নেতৃত্ব দি আছে। বিজেপিৰ সহযোগী নেচনেল পিপলছ পাৰ্টিয়ে (এনপিপি) মেঘালয়ৰ দুয়োখন আসন কংগ্ৰেছ আৰু ভইচ অফ দ্য পিপল পাৰ্টিৰ হাতত হেৰুৱাইছে। আনহাতে, আন এক সহযোগী নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি)য়ে কংগ্ৰেছৰ হাতত একমাত্ৰ নাগালেণ্ড আসন হেৰুৱাইছে। অৱশ্যে, বিজেপিৰ মিত্ৰদল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল) আৰু অসম গণ পৰিষদ (অগপ) আৰু ছিকিমৰ ছিকিম ক্ৰান্তিকাৰী মৰ্চাই (এছকেএম) এখনকৈ আসন লাভ কৰে।