কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা

61

কাজিৰঙাত মঙলবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। কাজিৰঙাৰ বচা গাঁৱত নুমলীগড় দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01 MC 3083 নম্বৰৰ তেলৰ টেংকাৰখন ৰাজপথৰ পৰা বাগৰি পৰে। আৰক্ষীয়ে টেংকাৰ খন খাৱৈৰ পৰা উঠাই ক্রেনৰ সহায়ত কঁহৰা অভিমুখে আনি থকা অৱস্থাত একে দিশেৰে এখন ট্ৰাক আহি টেংকাৰখনক পাছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ট্ৰাকখনৰ নম্বৰ NL07 AA 0311 ।